বগীবিল দলঙত প্ৰথমটো দুৰ্ঘটনা, কি হৈছিল, কেনেকৈ হৈছিল?

ৰাজ্যৰ পথ যোগাযোগ ব্যৱস্থাত বিপুল সম্ভাৱনাৰ সৃষ্টি কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৫ ডিচেম্বৰত ৰাজ্যবাসীক উপহাৰ দিছিল বগীবিল দলং। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ভৌগলিক দূৰত্ব চুটি কৰি পেলোৱা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা দেশৰ আটাইকৈ দীঘল পথ আৰু ৰেলপথৰ ব্যৱস্থা থকা বগীবিল দলঙে ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰক সংযোগ কৰি যাতায়ত ব্যৱস্থাক সুচল কৰা তুলিছে। ২৫ তাৰিখে প্ৰধান মন্ত্ৰীয়ে ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালৰ উপস্থিতিত দলঙখন উদ্ধোধন কৰাৰ পিছতে দলংখনক লৈ ৰাইজৰ মাজত ব্যপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। বিভিন্ন স্থানৰ লোকে এবাৰ স্বচক্ষে নৱ নিৰ্মিত দলঙ খন প্ৰত্যক্ষ কৰাৰ বাবে উদ্ধোধনৰ পিছদিনাৰ পৰাই হেতা ওপৰা লগাইছে।
ৰাইজৰ উৎসাহ উদ্দীপনাক স্তিমিত কৰি নতুনকৈ মুকলি হোৱা বগীবিল দলঙত সংঘটিত হ'ল প্ৰথমটো দুৰ্ঘটনা। বৃহস্পতি বাৰে ৰাতিপুৱাই এটা শোকবহ হৃদয়বিদাৰক দুৰ্ঘটনাৰ সাক্ষী হৈ ৰ'ল বগীবিল আৰু ইয়াক চাবলৈ অহা দৰ্শনাৰ্থী সকল। ঘটনাৰ বিবৰণী অনুসৰি বৃহস্পতি বাৰে এখন দ্ৰুতবেগী চলন্ত গাড়ীৰ লগত এটা কণমাণিয়ে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় আৰু এই দুৰ্ঘটনাটোৰ ফলত কণমাণিটো গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটোৰ সময়ত গাড়ী খনৰ আৰোহী জনে মোবাইল কেমেৰাৰে বগীবিলৰ দৃশ্যৱলী ৰেকৰ্ডি কৰি গৈ আছিল আৰু হঠাৎ দলখনৰ মাজত ৰখাই থোৱা এখন গাড়ীৰ ওচৰৰ পৰা কণমাণিটো দৌৰি অহি চলন্ত গাড়ী খনত খুন্দা মাৰে। এই আকস্মিক দুৰ্ঘটনাটোৰ বাবে গাড়ী চালক জন সাজু হৈ থকা নাছিল।
দুৰ্ঘটনা সংঘটিত হোৱা কণমাণিজন সৌৰভ মৰাণ বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত শিশু জনক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় কিন্তু চিকিৎসালয়ত চিকিৎসকে শিশু জনক উন্নত চিকিৎসা প্ৰদান কৰি আছে । ঘটনা স্থলীত উপস্থিত লোকে সমগ্ৰ ঘটনাটোৰ বাবে দায়িত্বজ্ঞানহীনতাৰ বাবে শিশুটোৰ পৰিয়ালক জগৰীয়া কৰিছে, বহুতে গাড়ী চালক জনক গাড়ী চলোৱাৰ সময়ত পৰ্য্যপ্ত সাবধনতা গ্ৰহণ নকৰা কাৰণে দোষ দিছে। ইতিমধ্যে দুৰ্ঘটনাটোৰ এটা ভিডিঅ' সামাজিক মাধ্যম সমূহত ভাইৰেল হৈ পৰিছে।
দলংখন প্ৰত্যক্ষ কৰিব অহা দৰ্শনাৰ্থী সকলে নতুনকৈ মুকলি কৰা দলঙখন চিপচ, তামুলৰ পিক, গুটখাৰ পেকেট পেলাই বহু লেতেৰা কৰি পেলাইছে। স্থানীয় লোকে জনসাধাৰণৰ এনে কাণ্ডজ্ঞানহীন মানসিকতাক একেমুখে ধিক্কাৰ দিছে। এজন ব্যক্তিয়ে কয় যে বগীবিল অসমৰ স্বভিমান, বগীবিল চাবলৈ আহি বা ইয়াত পিকনিক খাবলৈ আহি দলংখন লেতেৰা কৰা বা ঠাইখন লেতেৰা কৰা মানে অসমৰ স্বাভিমানক লাঘব কৰা।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি