বগীবিল দলঙত পৰীক্ষামূলকভাৱে চলিল ৰেল

বগীবিল দলঙত পৰীক্ষামূলকভাৱে চলিল ৰেল

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী ।বগীবিলৰ দলঙৰ ওপৰেৰে পৰীক্ষামূলকভাৱে চলিল প্ৰথমখন পূৰ্ণাঙ্গ ৰেল । সোমবাৰে পুৱা ডিব্ৰুগড়ৰ ধমল গাঁৱৰ ষ্টেচনৰ পৰা ধেমাজিৰ টঙানি ষ্টেচনলৈ চলোৱা হয় ৰে’লখন । ১২ টা ডবাসহ চলা চিআৰএছ বিশেষ এই ৰেলখন বিভাগটোৰ কেইবাজনো শীর্ষ বিষয়াৰ উপস্থিতিত পৰীক্ষামূলকভাৱে চলোৱা হয় । বগীবিল দলং খন অতিক্ৰম কৰিবলৈ ৰেলখনৰ প্ৰয়োজন হ'ল প্ৰায় ২.৩০ মিনিট। ঘণ্টাত ১২০ ৰ পৰা ১৪০ কিলোমিটাৰ বেগেৰে বগীবিল দলং পাৰ কৰিলে ৰেলখনে । আজি চলা ৰেলখনৰ পাছে পাছে যায় মটৰ ট্ৰলিৰ জৰিয়তে টঙানি ষ্টেচনলৈ ৰেলপথেৰে কমিছন অব ৰেলৱে চেফটিৰ এটা দল ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com