বগীবিল দলঙৰ নাম সতী সাধনীৰ নামেৰে নামাংকনৰ দাবী

বগীবিল দলঙৰ নাম সতী সাধনীৰ নামেৰে নামাংকনৰ দাবী
Published on

ব্ৰহ্মপুত্ৰ দলঙৰ ওপৰত উদ্বোধন হব লগীয়া নতুনকৈ নিৰ্মান কৰা ৰেলগাড়ী আৰু যানবাহন চলাচল কৰিব পৰা দুখলপীয়া বগীবিল দলং খন উদ্ধোধন কৰিবলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত দলং খনৰ নামাংকনক লৈ সৃষ্টি হৈছে ৰাজনীতিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰিব লগীয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী দলং খন চুতীয়া জনগোষ্ঠীৰ ৰাণী সতী সাধনীৰ নামত উৎসৰ্গা কৰাৰ বাবে দাবী জনাইছে সদৌ চুতীয়া ছাত্ৰ সন্থা, শিৱসাগৰ জিলা সমিতি আৰু শদিয়া জিলা সমিতিয়ে।সতী সাধনীয়ে জাতিটোৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল আৰু তেওঁৰ সমগ্ৰ জীবনটোৱে স্বদেশ প্ৰেমৰ ক্ষেত্ৰত নৱ প্ৰজন্মৰ বাবে এক আদৰ্শস্বৰূপ বুলি চুতীয়া ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰে।

২০০২ চনত নিৰ্মান আৰাম্ভ হোৱা ৪.৯৪ কিমি দৈৰ্ঘ্যৰ ৪১ টা খুটাযুক্ত ডিব্ৰগড় আৰু ধেমাজী জিলাক সংযোগ কৰা বগীবিল দলংখন ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্ধোধন কৰিব। বিজেপি কৰ্মী সকলে নতুনকৈ উদ্ধোধন কৰিবলগীয়া দলং খন সদ্য প্ৰয়াত প্ৰক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামত উৎসৰ্গা কৰাৰ বাবে দাবী জনোৱাৰ বিপৰীতে জাতীয় দল সংগঠন সমূহে দলংখন জাতীয় নায়ক এজনৰ নামত উৎসৰ্গা কৰাৰ বাবে দাবী জনাইছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com