Begin typing your search above and press return to search.

বগীবিল দলঙৰ বাবে কি অসুবিধা হ'ল উত্তৰ লক্ষীমপুৰৰ এই সকল লোকৰ? কিয় বহিব লগা হ'ল প্ৰতিবাদত

বগীবিল দলঙৰ বাবে কি অসুবিধা হল উত্তৰ লক্ষীমপুৰৰ এই সকল লোকৰ? কিয় বহিব লগা হল প্ৰতিবাদত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2018 10:55 AM GMT

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২৫ ডিচেম্বৰত ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং উদ্ধোধন কৰাৰ লগে লগে অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বাবে নতুন দিগন্তৰ সূচনা হৈছে। ৰাজ্যৰ যাতায়ত ব্যৱস্থাক তৰান্বিত কৰা বগীবিল দলংখনে আন এক ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে। বগীবিল দলংখনে আগন্তুক সময়ত উত্তৰ-লক্ষীমপুৰ চহৰত যথেষ্ট যান-জট সৃষ্টি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে, বিশেষকৈ উত্তৰ লক্ষীমপুৰ চহৰত ভিআইপি ৰ'ডেৰে যাতায়ত কৰিব লগা লোক সকল আগন্তুক সময়ত আহুকালত পৰাটো নিশ্চিত হৈ পৰিছে। এই সমগ্ৰ যান-যটৰ মূখ্য কাৰণ হৈছে নাকৰি অঞ্চলত থকা ৰেলৱে ক্ৰচিঙত এখন উৰনীয়া সেতু নিৰ্মান নকৰাটো। নাতৰি ৰেলৱে ক্ৰচিঙত এখন উৰণীয়া সেতু নিৰ্মান কৰিব লাগে বুলি স্থানীয় বিভিন্ন দল সংগঠনে দুটা দশকৰ পৰা দাবী জনাই আহিছে।

বগীবিল দলঙে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক কেবল মাত্ৰ মটৰ চলাচল কৰিব পৰা পথেৰেই সংযোগ কৰা নাই ই দুয়োপাৰক ৰেলৱে লাইনেৰে সংযোগ কৰিছে। এই যোগাযোগৰ ফলত অৰুণাচল প্ৰদেশৰ নাহৰলগুণ আৰু গুৱাহাটীৰ মাজত অথবা অন্য ৰাজ্যৰ পৰা উত্তৰ লক্ষীমপুৰহৈ তিনিচুকীয়ালৈ বহুটো মালবাহী ৰেল গাৰী আৰু আঠখনতকৈও অধিক যাত্ৰীবাহী ৰেলগাড়ী প্ৰতিদিনে চলাচল কৰিব। এনেক্ষেত্ৰত উত্তৰ লক্ষীমপুৰ চহৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা লীলাবাৰীলৈ ভিআইপি ৰ'ডেৰে অহা যোৱা কৰা লোক সকল নাকৰি ৰেলৱে ক্ৰছিঙত অনাগত দিনত এখন উৰণীয়া সেতুৰ অভাৱৰ বাবে বহু সময় ৰব লগা হব। এই অঞ্চলটোত ভালেমান শিক্ষানুষ্ঠান আছে ইয়াৰ উপৰিও ৩০০ খন বিছনাযুক্ত উত্তৰ লক্ষীমপুৰ অসামৰিক চিকিৎসালয়, চৰকাৰী কাৰ্য্যলয়, বিভিন্ন চৰকাৰী বিভাগ আৰু সেনা চাউনী আছে। প্ৰস্তাবিত লক্ষীমপুৰ চিকিৎসা মহাবিদ্যালয় খনো এই অঞ্চলতে নিৰ্মান কৰি থকা হৈছে। নতুনকৈ নিৰ্মান হোৱা বগীবিল দলঙৰ বাবে সেই ঠাইৰ ৰেল পথেৰে অধিক ৰেলগাড়ী চলাচল কৰিব আৰু ব্যস্ত অঞ্চলটোত থকা নাকৰি ৰেস ক্ৰচিঙত এক অভাৱনীয় যান-যতৰ প্ৰতিদিনে সৃষ্টি হব।

বিভিন্ন দল সংগঠনে দীৰ্ঘ সময়ৰ পৰা এই অঞ্চলৰ ৰেল ক্ৰচিঙৰ ওপৰেৰে এখন উৰণীয়া সেতু নিৰ্মান কৰাৰ বাবে দাবী জনাই থকাৰ পিছতো ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনোধৰণৰ কাৰ্যব্যৱস্থা কৰা নাই আৰু দুটা দশকজোৰা স্থানীয় দল-সংগঠনৰ দাবীক উপলুঙা কৰি আহিছে। বুধবাৰে লক্ষীমপুৰ জিলাৰ সদৌ অসম নিবনুৱা সংস্থাই নাকৰি ৰেলৱে ক্ৰচিঙত এখন উৰণীয়া সেতু নিৰ্মানৰ বাবে দুই ঘণ্টা যোৰা এক ধৰ্ণা কাৰ্য্যসূচী গ্ৰহণ কৰে। সংগঠনটোৱে প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক জিলা উপায়ুক্তৰ মাধ্যমেৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠনটোৱে অনতি পলমে উত্তৰ লক্ষীমপুৰৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কাৰ্য্য সম্পূৰ্ণ কৰাৰ বাবেও দাবী জনাই আৰু ৰঙানদীৰ ওপৰত এখন নতুন দলং নিৰ্মান কৰাৰ বাবে চৰকাৰক আহ্বান জনাই।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি