বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে

বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে
Published on

কাৰিকৰী প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক নতুন শিক্ষা ব্যৱস্থাৰ আৰম্ভ হ'ব।যোৱা বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বঙাইগাঁৱ টাউনৰ সৈন্ন্যাসী পাহাৰত বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।পৰৱৰ্ত্তী সময়ত বঙাইগাঁওৰ জেলকাঝাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে,নতুনকৈ প্ৰতিষ্ঠা হোৱা অভিযান্ত্ৰিক মহাবিদ্যালয় খনে আহিবলগীয়া দিন সমূহত অভিযান্ত্ৰিকৰ কাৰিকৰী ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰিব।সৈন্ন্যাসী পাহাৰৰ এলেকাৰ ওচৰে পাজৰে থকা বাসিন্দা তথা গাঁওবাসীয়ে উক্ত সভা খনত অংশগ্ৰহন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com