বঙাইগাঁৱৰ ভিতৰুৱা অঞ্চলত চিকিৎসা শিৱিৰৰ আয়োজন

বঙাইগাঁৱৰ ভিতৰুৱা অঞ্চলত চিকিৎসা শিৱিৰৰ আয়োজন
Published on

বঙাইগাঁৱৰ চিৰাং জিলাৰ ৰেড হৰ্নচ ডিভিজনৰ আৰ্মী ইউনিটে যোৱা বুধবাৰে নঙলাভাঙা গাঁৱত স্বাস্থ্য সজাগতাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসা শিৱিৰৰ আয়োজন কৰে । বিভিন্ন বিভাগৰ ৫ জন ডাক্তৰৰ ভিতৰত তিনিজন সেনা ডাক্তৰ লগতে পেৰামেডিক ষ্টাফ আৰু নাৰ্ছিং ষ্টাফ এটা দল চিকিৎসা শিৱিৰটোত উপস্থিত থাকে । শিৱিৰটো বিশেষকৈ মেলেৰিয়া,লিপৰেচি আৰু টিবি বিভাগৰ সেৱাও আগবঢ়োৱা হৈছে । নঙলাভাঙা গাঁৱৰ মুঠ ৭৬৯ গৰাকী লোক এই শিৱিৰটোৰ পৰা উপকৃত হয় বুলি জানিব পৰা যায় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com