বঙালী যৌথ সমন্বয় সমিতি অসমৰ প্ৰতিবাদত কপিল দিছপুৰ লাষ্টগেট

বঙালী যৌথ সমন্বয় সমিতি অসমৰ প্ৰতিবাদত কপিল দিছপুৰ লাষ্টগেট
Published on

আজিৰে পৰা আৰম্ভ হ'ল বিধানসভাৰ শৰৎকালিন অধিৱেশন । অধিৱেশনৰ প্ৰথম দিনটোতে প্ৰতিবাদত উত্তাল হ'ল লাষ্টগেট । এনআৰচিৰ লগতে বহু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত বঙালী যৌথ সমন্বয় সমিতি অসমৰ উদ্যোগত আৰু ১৪ টাকৈ বঙালী সংগঠনৰ যৌথ উদ্যোগত দিছপুৰ লাষ্টগেটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশ লয় বিজেপি সভাপতি ৰঞ্জিত দাস, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক শিলাদিত্য দেৱ, বিধায়ক আব্দুল খালেক, অশোক সিংঘালকে আদি কৰি বহু কেইগৰাকী শাসক-বিৰোধীৰ বিধায়ক ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com