Begin typing your search above and press return to search.

বজালী কলেজৰ ছাত্ৰৰ অৱস্থা সংকটজনক

বজালী কলেজৰ ছাত্ৰৰ অৱস্থা সংকটজনক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:39 AM GMT

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভেৰাগাঁওত বজালী কলেজৰ বিএ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কিশোৰ গায়ন(২০)ক এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমন কৰে।বৰপেটা জিলাৰ ভেৰাগাঁওৰ কিশোৰ গায়ন সদানন্দ গায়ন আৰু সৰস্বতী গায়নৰ পুত্ৰ।যুৱক জনৰ বুকুত অতি বেয়াকৈ আঘাত হয়। সেয়ে যুৱকৰ পৰিয়ালবৰ্গই একেখন গাঁওৰে অসীম কলিতা নামৰ যুৱক এজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

যোৱা সোমা সংঘটিত হৈ যোৱা ঘটনাটিৰ মতে, কিশোৰে নিশা ৯মান বজাত ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়।হঠাৎতে আহি অসীমে চোকা অস্ত্ৰৰে কিশোৰক আক্ৰমন কৰে আৰু বাইক লৈ উধাও হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে মত প্ৰকাশ কৰে।অতি সংকটজনক অৱস্থাত কিশোৰক ওচৰৰে হাস্পতালত ভৰ্ত্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰন কৰা হয়।বৰ্তমান কিশোৰ আমিনগাঁওৰ জিএনআৰচিৰ আইচিওত ভৰ্ত্তি হৈ আছে।কিন্তু এতিয়ালৈকে এই আক্ৰমনৰ প্ৰকৃত কাৰনৰ বিষয়ে জানিব পৰা যোৱা নাই। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে (৩৭০/১৮)নম্বৰৰ অন্তৰ্গত আইপিচি ৩২৬ গোচৰৰ ৰুজু কৰে।বালাপাৰা আউটপোষ্টৰ আইচি প্ৰনৱ দাসে জনোৱা মতে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে লগতে বজালী কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ঘটনাৰ উচিত তদন্তৰ লগতে অভিযোগকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনায়।

Next Story
চাকৰি