Begin typing your search above and press return to search.

বটদ্ৰৱাত অগপ দলত যোগদান কৰিলে ৪ শতাধিক মহিলা-যুৱকে

বটদ্ৰৱাত অগপ দলত যোগদান কৰিলে ৪ শতাধিক মহিলা-যুৱকে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Oct 2018 5:03 AM GMT

দূৰ্গা পূজাৰ পিছতে পঞ্চায়ত নিৰ্বাচনৰ সময় সূচী ঘোষণা হোৱাৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে শাসকীয় বিজেপি দলৰে মিত্ৰতাৰ পাশত আবদ্ধ থকা আঞ্চলিক দল অগপই পৃথকে আৰম্ভ কৰিছে দলীয় সাংগঠনিক কাম কাজ। আজি ৮৪ নং বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা উন্নয়ন খণ্ডৰ শলগুৰি গাঁও পঞ্চায়তত অগপৰ এখনি দলীয় সভা অনুষ্ঠিত হয়।

সমষ্টি সমিতিৰ সভানেত্ৰী মামনি বৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত দলৰ সাংগঠনিক কাম কাজ শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিভিন্ন জনে বক্তব্য ৰাখে। সভাত অগপ দলৰ নীতি আদৰ্শ আৰু নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে দলটোৱে গ্ৰহন কৰা দৃঢ় স্থিতিৰ প্ৰতি মুকলি সমৰ্থন প্ৰকাশ কৰি কেইবাটাও মহিলা আত্মসহায়ক গোটৰ প্ৰতিনিধিকে প্ৰমুখ্য কৰি স্থানীয় কেইবাগৰাকী যুৱ প্ৰতিনিধি সহ সৰ্বমুঠ চাৰিশতাধিক লোকে আজি অানুষ্ঠানিক ভাৱে অগপত যোগদান কৰে। অগপত যোগদান কৰা লোক সকলক দলৰ সদস্য পদ প্ৰদান কৰি সমষ্টি সমিতিৰ হৈ মামনি বৰা আৰু উপস্থিত থকা জিলা নেতৃত্বই সকলোকে আদৰণী জনাই।

Next Story
চাকৰি