বটদ্ৰৱাৰ ভেটিয়নীত মেধাৱী ছাত্ৰৰ আত্মহত্যা

বটদ্ৰৱাৰ ভেটিয়নীত মেধাৱী ছাত্ৰৰ আত্মহত্যা
Published on

নগাঁও জিলাৰ ভেটিয়নী গাঁৱত মাতৃৰ সৈতে বসবাস কৰা এটা ১৬ বছৰীয়া কিশোৰে শুকুৰবাৰে নিশা চিপ লৈ আত্মহত্যা কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেনীৰ মেধাৱী ছাত্ৰ বিজয় চৌহানে মাতৃৰ সৈতে বিগত দুবছৰৰ পৰা ভেটীয়নীৰ ভূপেন কলিতাৰ ঘৰত বসবাস কৰি আছিল৷ স্বভাৱত অতি অমায়িক, নম্ৰ কিশোৰজনক শুকুৰবাৰে নিশা নিজ মাতৃয়ে ডিঙিত গামোচাৰে চিপ লৈ থকা অৱস্থাত নিজৰ কোঠাত দেখা পোৱাৰ লগে লগে হৈ চৈ লাগে৷ পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে কিশোৰ জনৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ লৈ যায়৷

উল্লেখ্য যে, তদানীন্তন মৈৰাবাৰী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া ভূপেন কলিতাই ভূৰাগাঁও অঞ্চলৰ বান পীড়িত পিতৃহাৰা অতি দৰিদ্ৰ মেধাৱী কিশোৰ বিজয় চৌহানক বংশ পৰিয়ালৰ সহমতৰ ভিত্তিত মাতৃসহ ভেটীয়নীৰ নিজা গৃহলৈ লৈ আনে আৰু তেওঁলোকক সকলো সা-সুবিধা প্ৰদান কৰি পঢ়া-শুনাৰ লগতে এটি সুন্দৰ জীৱন নিৰ্বাহ কৰাৰ পথ মুকলি কৰি দিয়ে৷কিন্তু সকলোকে আচৰিত কৰি কিশোৰজনে যোৱা নিশা এনেদৰে আত্মহত্যাৰ পথ কিয় বাচি লব লগা হ’ল সেয়া এতিয়া সকলোৰে বাবে এক ৰহস্যৰ বিষয় হৈ পৰিছে। মেধাৱী ছাত্ৰজনৰ অকাল বিয়োগৰ খবৰ বিয়পি পৰাৰ লগে লগেই শনিবাৰে তেওঁ পঢ়ি থকা বিদ্যালয়খনত শোককুল পৰিবেশৰ সৃষ্টি হৈছে৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com