
নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলত বিগত সময়চোৱাত সংঘটিত হৈ থকা গৰু চোৰৰ উপদ্ৰৱৰ বিষয়ে বাতৰি প্ৰকাশ পাই থকাৰ মাজতে যোৱা কালি কঙালী বিহুৰ আনন্দ উপভোগত গঞা ৰাইজ ব্যস্ত থকাৰ সময় খিনিতে বটদ্ৰৱা বৰভেটী গাঁৱৰ এঘৰ গৃহস্থৰ নিজৰ পদুলিত এৰাল দি থোৱা অৱস্থাৰ পৰাই দিন দুপৰতে ছাগলী চোৰ কৰি উধাও হ'বলৈ চেষ্টা চলাই বিফল হয়।
ঘটনাৰ বিৱৰণী অনুসৰি বৰভেটী গাঁৱৰ চেনীমাই বৰুৱা নামৰ মহিলা গৰাকীৰ নিজৰ পদুলিৰ কাষত এৰাল দি থোৱাৰ অৱস্থাত মটৰ চাইকেলেৰে বিপৰীত দিশৰ পৰা অহা দুটা চোৰে বৰভেটী গাঁওৰ শেষ সীমাত থকা প্ৰাৰ্থমিক বিদ্যালয়ৰ কাষত এৰাল দিয়া অৱস্থাৰ পৰা বগা আৰু ক'লা বৰনৰ ছাগলী দুটা ধৰি চোকা অস্ত্ৰৰে ডিঙি কাটি বস্তাত ভৰাবলৈ চেষ্ঠা চলোৱাৰ সময়তে দাঁতি কাষৰীয়া মুছলমান বসতি প্ৰধান গাঁওৰ পৰা অহা দুজন লোকে ঘটনা টো প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় লোকে দুয়োটা চোৰক কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।
অঞ্চল টোত বিভিন্ন সময়ত সংঘটিত গৰু চোৰ , মহিলাৰ ডিঙিৰ চেইন চোৰ , চৰকাৰী ভূমি বেদখল কৰা ……ইত্যাদি অসামাজিক কাৰ্যকলাপৰ লগত জড়িত থকা ধৃত চোৰ দুটা ৰামপুৰৰ ছৰিফুল ইছলাম (২৮) আৰু হবিবুৰ ৰহমান (২৩) বুলি জানিব পৰা গৈছে। যোৱা কালি আটক কৰা চোৰ দুটাই বটদ্ৰৱা অঞ্চলৰ সংখ্যালঘু বসতি প্ৰধান গাঁও সমূহত অসামাজিক কাৰ্যকলাপেৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বুলি জানিব পৰা গৈছে। বটদ্ৰৱা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ২৯৪/১৮ নম্বৰত ৩৭৯ ধাৰাত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।