
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫০ তম তিৰোভাৱ তিথি।পুৱাৰেপৰা ৰাজ্যৰ সত্ৰ-নামঘৰসমূহৰ দৰে এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱাত। হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে চৌদিশ। গুৰুবন্দনা নাম-প্ৰসংগৰ অমিয়া ধ্বনি প্ৰতিধ্বনিত গুঞ্জৰিত হৈছে বটদ্ৰৱা ধাম। হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ আৰু দৰ্শনাৰ্থীৰ সমাগমত যেন দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে গুৰুজনাৰ বটদ্ৰৱা। পুৱাৰেপৰা হাজাৰ হাজাৰ ভক্ত-বৈষ্ণৱ লগতে যুৱক- যুৱতীয়ে ভিৰ কৰিছেহি বটদ্ৰৱা থানত। ধুপ-চাকি, শৰাই, নৈবদ্য আগবঢ়াই নাম কীৰ্তনত অংশ লৈছে সকলো ৱে। এক পৰম আধ্যাত্মিক পৰিবেশৰ মাজত নাগাৰা আৰু দিহানাম গাই মতলীয়া হৈ পৰিল আয়তী সকলো। উল্লেখযোগ্য যে, গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বিয়লিৰপৰা বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ পাৰত গুৰুজনা সৃষ্ট কেইবাখনো অংকীয়া নাট প্ৰদৰ্শনৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।