বটদ্ৰৱা থানত ৫৭০ সংখ্যক 'গুৰু জয়ন্তী' উৎসৱ উদযাপনৰ প্ৰস্তুতি

বটদ্ৰৱা থানত ৫৭০ সংখ্যক 'গুৰু জয়ন্তী' উৎসৱ উদযাপনৰ প্ৰস্তুতি
Published on

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান শ্ৰী শ্ৰী বটদ্ৰৱা থানত অহা ১,২ আৰু ৩ আহিন (১৮,১৯ আৰু ২০ ছেপ্তেম্বৰ,২০১৮) মঙ্গল,বুধ আৰু বৃহস্পতিবাৰে ৫৭০ সংখ্যক গুৰু জয়ন্তী উৎসৱ ভাগ আড়ম্বৰপূৰ্ণভাৱে তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ প্ৰস্তুতি চলিছে।কাৰ্যসূচী অনুসৰি ১ আহিন ১৮ ছেপ্তেম্বৰ মঙ্গল বাৰে পুৱা থানৰ নিত্য- নৈমিত্তিক প্ৰসঙ্গৰ পিছত দিনৰ ১ বজাৰ পৰা অনুষ্ঠিৰ হ'ব লগীয়া অসম ভিত্তিত বৰগীত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰিব শ্ৰী শ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেৱানন্দ দেৱ গোস্বামীয়ে। দিনৰ ২ বজাত গুৰু চৰিত পাঠ । সন্ধিয়া ৬ বজাত অসম ভিত্তিত দিহানাম প্ৰতিযোগীতাৰ শুভ উদ্বোধন কৰিব শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ সভাপতি পৰমানন্দ দেৱ মহন্তই। ২ আহিন ১৯ ছেপ্তেম্বৰ বুধবাৰে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ভোগেশ্বৰ বৰাই।সন্ধিয়া ৬ বজাত বটদ্ৰৱা থান আৰু দৌল মন্দিৰ প্ৰাঙ্গনত ৫৭০ গছি বন্তি প্ৰজ্বলন কৰিব যোগেশ বৰ নামলগোৱা আৰু দেবেন আতৈয়ে । নিশা ৯ বজাত শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ৰাইজে " নৃসিংহ যাত্ৰা" ভাওনা প্ৰদৰ্শন কৰিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com