বড়োলেণ্ড সমস্যাৰ স্থায়ী সমাধানৰ আশ্বাস কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

বড়ো সমস্যা সমূহৰ স্থায়ী সমাধানৰ বাবে অনুষ্ঠিত হোৱা এখন ত্ৰিপাক্ষিক বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে আলোচনা কাৰী দলৰ নেতা সকলক সীঘ্ৰে বড়োলেণ্ডৰ দীৰ্ঘদিন ধৰি পৰিথকা সমস্যা সমূহৰ স্থায়ী সমাধানৰ জৰিয়তে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।নতুন দিল্লীত সদৌ বড়ো ছাত্ৰ সন্থা আৰু পি জে এ চি বি এম ৰ নেতৃবৃন্দৰ লগত হোৱা এখন বৈঠকত গৃহমন্ত্ৰীজনে এই আশ্বাস প্ৰদান কৰি সীঘ্ৰে দাৱী আৰু সমস্যা সমূহৰ ওপৰত ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰি দলসমূহৰ লগত আলোচনাত মিলিত হম বুলি কয়।
আবছুৰ নেতা খৌৰমডাও ৱাৰিয়ে সংবাদ মাধ্যমক গৃহমন্ত্ৰী গৰাকীয়ে পুনৰ ডিচেম্বৰ মাহত আলোচনালৈ আমন্ত্ৰণ জনোৱা বুলি সদৰি কৰে।আবছুৰ দলটোক নেতৃত্ব প্ৰদান কৰে সভাপতি প্ৰমোদ বড়োৱে। আগন্তুক লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই বড়োলেণ্ডৰ এক স্থায়ী সমাধানৰ বিষয়ে বৈঠকখনত উল্লেখ কৰা হয় আৰু জনজাতীয় অঞ্চল সমূহৰ জনসাধাৰণৰ ভূমি অধিকাৰ, সাংস্কৃতিক অধিকাৰ আৰু পৰিছয়ৰৰ ওপৰত বৈঠক খনত আলোচনা কৰা হয় বুলি প্ৰমোদ বড়োৱে জানিব দিয়ে। বৈঠকত সুকীয়া বড়ো ৰাজ্যৰ দাৱী আৰু কাৰ্বি আংলং,ডিমা হাচাওঁ জিলাত বসবাস কৰা বড়ো লোক সকলক অনুসূচিত জনজাতিৰ মৰ্যদা দিয়াৰো দাবী তোলা হয়।বড়ো নেতৃবৃন্দৰ লগত দুই প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্ম আৰু এচ কে বসুমতাৰীয়ে বৈঠকত অংশ গ্ৰহণ কৰে।