Begin typing your search above and press return to search.

বন্ধুত্বৰ নামত ত্যাগ কি? শিকাই গ’ল মনজ্যোৎ সিং কোহলীয়ে

বন্ধুত্বৰ নামত ত্যাগ কি? শিকাই গ’ল মনজ্যোৎ সিং কোহলীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2018 10:24 AM GMT

যিকোনো গ্ৰন্থত আমি প্ৰায়ে বন্ধুত্বৰ ক্ষেত্ৰত আত্মবলী দান দিয়া উদাহৰণ পঢ়িবলৈ পাঁও। বিভিন্ন ধৰণৰ চিনেমাটো বন্ধুত্বৰ বলিদান দিয়া প্ৰায়ে দেখা যায় ৷ তাৰ চাক্ষুস উদাহৰণ বলীউডৰ জনপ্ৰিয় "শ্বোলে"জয় আৰু বীৰুৰ মাজত যি বন্ধুত্বপূৰ্ণ সম্পৰ্ক সেয়া আমাৰ সকলোৰে জ্ঞাত৷ বন্ধুক প্ৰতিশ্ৰুতি দিয়াটো তেনেই সহজ। কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ কৰা সহজ নহয় ৷ কিন্তু আমাৰে মাজৰে কিছু সংখ্যকে নিজৰ বন্ধুত্বৰ কাৰণে এনেকুৱা কিছুমান কাম কৰি যায় যে বিশ্বৰ সকলোৰে মাজত পৰিচিত হৈ পৰে ৷

সদ্যহতে, তেনে ধৰণৰ এক ঘটনা সংঘটিত হ’ল ভূ স্বৰ্গৰূপে খ্যাত জম্মু আৰু কাশ্মৰীত ৷ জম্মুৰ মনজ্যোৎ সিং কোহলী নামৰ এগৰাকী শিখ সম্প্ৰদায়ৰ যুৱতীয়ে নিজৰ মুছলিম সম্প্ৰদায়ৰ বান্ধৱী চমৰীন আখতাৰক সহায় কৰিবৰ কাৰণে দান কৰিবলৈ ওলাইছে কিডনী ৷ কিন্তু শিখ যুৱতীগৰাকীৰ এই সিদ্ধান্তত বিৰোধ কৰিছে মনজোতৰ পৰিয়ালৰ লোকে৷ ইয়াৰ পিছত উপায়ন্তৰ হৈ এই বিষয়টোলৈ আদালতৰ কাষ চাপিছে মনজোতে৷ কাৰণ মনজোতক ন্যায় বিচাৰিছে ৷

বন্ধুত্বৰ কাৰণে নিজৰ তেজৰ সম্পৰ্ক থকা পৰিয়ালৰ বিৰুদ্ধে যাবলৈ কুণ্ঠাবোধ নকৰিলে মনজোতে ৷ ২৩ বছৰীয়া মনজোতৰ এই সিদ্ধান্তৰ বিষয়ে কয় যে, বিগত চাৰি বছৰৰ পৰা চমৰীন আখতাৰ আৰু মোৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক চলি আহিছে ৷ মনজোতে কয় যে মই চমৰীনৰ লগত আৱেগিক ভাৱে জড়িত ৷মানৱতাৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে কাৰণেই মই চমৰীনক মোৰ কিডনী দান কৰিব বিচাৰিছোঁ ৷

লগতে মনজোতে কয় যে,যিহেতু মনজোতৰ পৰিয়ালে চমৰীনক কিডনী দান দিয়াত আপত্তি কৰিছে ৷ গতিকে এই বিষয়টোৰ ওপৰত আদালতৰ হস্তক্ষেপ বিচাৰিছে মনজোৎ সিং কোহলীয়ে ৷মনজোতৰ বন্ধুৰ কাৰণে দিয়া আত্মবলিদানে চুই গৈছে আপোনাৰ মোৰ দৰে বহু জনৰ হৃদয় ৷ মনজোতৰ এই ত্যাগে সমাজক শিকাই গ’ল যে বন্ধুত্ব জাতি,ধৰ্ম,নাথাকে ৷ বন্ধুত্বত থাকে ত্যাগ,বিশ্বাস তথা আত্মবলিদান ৷ সম্প্ৰতি,মনজোতৰ এই ত্যাগে প্ৰেৰণা দিছে বহুজনক ৷

অন্য খবৰৰ বাবে পঢ়ক: বিবিধ

Next Story
চাকৰি