Begin typing your search above and press return to search.

বন্ধৰ বিৰুদ্ধে সৰৱ উচ্চ ন্যায়ালয়

বন্ধৰ বিৰুদ্ধে সৰৱ উচ্চ ন্যায়ালয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 March 2019 6:03 AM GMT

ৰাজ্যত সততে চলি থকা বন্ধ সংস্কৃতিৰ বিৰুদ্ধে এইবাৰ সৰৱ হ’ল গুৱাহাটী উচ্চ ন্যায়ালয় ৷ এই সন্দৰ্ভত অসম আৰক্ষীক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে যদি বন্ধৰ সময়ত কোনোৱে জীৱন অথবা সম্পত্তি হেৰুৱাব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে তেন্তে, তেনেধৰণৰ সংগঠনসমূহৰ বিৰুদ্ধে অনতি পলমে আইনী ব্যৱস্থা গ্ৰহণ কৰিব ৷ লগতে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক সংগঠনসমূহে বন্ধত হোৱা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ তিনি মাহৰ ভিতৰত দিয়াৰ প্ৰসংগও উল্লেখ কৰে ৷ যাতে সংগঠনসমূহৰ দিয়া বন্ধ ৰোধ কৰিব পাৰে ৷

যিকোনো বন্ধকে অসাংবিধানিক আখ্যা উচ্চ ন্যায়ালয়ৰ ৷ বন্ধৰ বিষয়টো তিনিমাহৰৰ অন্তৰে অন্তৰে নিৰীক্ষণ কৰিব উচ্চ ন্যায়ালয়ে ৷ ইফালে এই সমূহ নিৰ্দেশ চলিত বৰ্ষৰ ১৯ মাৰ্চত উচ্চ ন্যায়ালয়ে প্ৰদান কৰে ৷ নিৰ্দেশত স্পষ্ট ৰূপত উল্লেখ আছে যে,পথ অৱৰোধ আৰু ৰেল অৱৰোধকো বন্ধ হিচাপেই ধৰি লোৱা হ’ব। আৰক্ষীক বন্ধৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ সম্পৰ্কে কোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ পীঠে কয় যে বন্ধৰ লগত জৰিত যিকোনো তথ্য সম্বন্ধে প্ৰথমতে আৰক্ষী আয়ুক্ত,গুৱাহাটী অথবা ইয়াৰ অধীনত থকা কোনো অধিকাৰীক জনাব লাগিব ।

আৰক্ষী আয়ুক্তই এই সমগ্ৰ তথ্য বিৱৰণৰ লগত সাত দিনৰ ভিতৰত ৰাজ্যখনৰ গৃহ অথবা ৰাজনৈতিক বিভাগৰ আয়ুক্ত আৰু সচিবক জনাব ৷ ইফালে বন্ধৰ বিৰুদ্ধে এই সমগ্ৰ প্ৰস্তুতি কৰা হৈছে যাতে জনসাধাৰণ এই ক্ষেত্ৰত সজাগ হয় আৰু জীৱন সম্পত্তি হেৰুৱাব লগা নহয় । ইফালে আৰক্ষী আয়ুক্ত অথবা এচ পি,গৃহ ৰাজনৈতিক বিভাগসমূহে লোৱা পদক্ষেপ সমূহক যদি কোনো সংগঠনে মানি নলয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি