Begin typing your search above and press return to search.

বন্ধ চাহ উদ্যোগৰ নতুন ভাবুকি : উত্তৰ পূৰ্বাঞ্চল চাহ সংঘ

বন্ধ চাহ উদ্যোগৰ নতুন ভাবুকি : উত্তৰ পূৰ্বাঞ্চল চাহ সংঘ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Aug 2018 8:42 AM GMT

প্ৰায় দুশ বছৰ পুৰণি অসমৰ চাহ উদ্যোগ বাবে বৰ্তমান অসমৰ বন্ধ সংস্কৃতি নতুন ভাবুকি হিচাপে পৰিনত হৈছে।শ্ৰমিকসকলৰ মজুৰি ৩৫০টকালৈ বৃদ্ধি কৰাৰ দাবীত ৰাজ্যৰ প্ৰায় সকলো চাহ বাগিচাতে বৰ্তমান সদৌ অসম আদিবাসী ছাত্ৰ সংগঠন, চাহ মজদুৰ সংঘ আৰু আটছাৰ দৰে চাহ জনগোষ্ঠীয় সংগঠন সমূহৰ নেতৃত্বত কাম-কাজ বাদ দি আন্দোলন কৰিবলৈ যোৱাত চাহ বাগান সমূহৰ বহুত ক্ষতি হোৱা বুলি উত্তৰপূৰ্বাঞ্চল চাহ সংঘই জানিবলৈ দিছে। সৰ্বানন্দ সোণোৱাল নেতৃত্বধীন বিজেপি চৰকাৰখনে শ্ৰমিকসকলক কোনো গুৰুত্ব নিদিয়াৰ লগতে কেৱল নিৰ্বাচন আহিলেহে শ্ৰমিকসকলক প্ৰয়োজন হয় বুলি অভিযোগ তুলি বহুসময়ত আন্দোলন কৰি আহিছে।অসমৰ চাহ উদ্যোগ ৰাজ্যৰ লগতে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্যোগ যত লাখ লাখ লোকে সংস্থাপন লাভ কৰি আছে।তেনেকুৱা এটা উদ্যোগৰ কৰ্মচাৰী সকল যদি আন্দোলনৰ সৈতে জড়িত হৈ থাকে তেন্তে এই অসমৰ আপুৰুগীয়া সম্পদটো ধংশ হবলৈ বেছি দিন নালাগিব বুলি কয় উত্তৰপূৰ্বাঞ্চল চাহ সংঘৰ বিষয়ববীয়া সকলে।

Next Story
চাকৰি