বন্ধ হৈ আছে ভেৰাগাঁৱৰ এছবিআইৰ এটিএম সেৱা

বন্ধ হৈ আছে ভেৰাগাঁৱৰ এছবিআইৰ এটিএম সেৱা
Published on

উদালগুৰি জিলাৰ ভেৰাগাঁৱতস্থিত ষ্টেত বেংকএটিএম সেৱাৰ কাৰ্য্য বন্ধ হৈ আছে।২০১৩চনৰ ৩এপ্ৰিলত মুকলি হোৱা এই এটিএমটোত ২০১৪চনৰ ২৮নবেম্বৰত কোনো দুষ্কৃতিলোকে লোট কৰাৰ পিছৰে পৰা এই এটিএম সেৱা বন্ধ হৈ থাকে।এই ঘটনাৰ পিছৰে পৰা সেই অঞ্চলৰ স্থানীয় লোক আৰু ছাত্ৰ সংগঠনে ষ্টেত বেংকটোৰ কৰ্তৃপক্ষক এটিএমটো পুনৰ মুকলি কৰাৰ বাবে বাৰে বাৰে আৱেদন কৰাৰ পিছতো কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই।

আৰু এটা সমস্যা হৈছে,গ্ৰাহক সেৱাৰ সুবিধা কেন্দ্ৰটোও অতি ভিতৰুৱা অঞ্চলত যাৰ বাবে ভিন্ন সমস্যা সমূহৰ সন্মুখীন হ'ব লগা হৈছে।এতিয়াৰ সময় হৈছে ডিজিটেল প্ৰযুক্তিবিদ্যাৰ,কিন্তু এতিয়াও ভেৰাগাঁওবাসী এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে।সেয়ে ভেৰাগাঁৱৰ স্থানীয় লোক সকলে অতি সোনকালে চৰকাৰক এই সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহন কৰাকলৈ দাবী উত্থাপন কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com