বনৰীয়া হাতী প্ৰতিৰোধৰ ব্যৱস্থা বিধায়ক পদ্ম হাজৰিকাৰ

চতিয়া সমষ্টিৰ অন্তৰ্গত কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাৰ বিভিন্ন প্ৰান্তত বিগত প্ৰায় এটা দশক জুৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই দহ গৰাকীৰো অধিক লোকক হত্যা কৰাৰ লগতে বহুকেইগৰাকী লোকক চিৰ দিনৰ বাবে পংগু কৰাৰৰ প্ৰতি লক্ষ্য ৰাখি আজি সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰীকাই একান্ত ব্যক্তিগত প্ৰচেষ্টাৰেই প্ৰায় দহ কিলোমিটাৰ জোৰা ফেঞ্চিংৰ কাম শুভাৰম্ভ কৰে ৷
বনৰীয়া হাতী প্ৰতিৰোধৰ বাবে বিগত সময় চোৱাত ৰাইজে বিধায়ক গৰাকীক জনাই অহা দাবীৰ প্ৰতি লক্ষ্য ৰাখি বনবিভাগৰ তৰফৰ পৰা বনৰীয়া হাতী প্ৰতিৰোধ ব্যৱস্থা সম্ভৱ হৈ নুঠাত আজি বিধায়ক গৰাকীয়ে নিজা উদ্যোগতে স্থানীয় ৰাইজৰ সহযোগত এই কাম আৰম্ভ কৰি চিতলমাৰীৰ পৰা পানপুৰ ঘাট প্ৰয্যন্ত পাঁচ কি:মি: দৈৰ্ঘ্যৰ ভিতৰৰে প্ৰায় দুই কি:মি: চলাৰ ফেঞ্চিংৰ কামত নিজে উপস্থিত থাকি সম্পুৰ্ন কৰে ৷ বিধায়ক গৰাকীৰ এই বিশেষ প্ৰচেষ্টাৰ বাবে অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি কৃতজ্ঞতা প্ৰকাশ কৰিছে ৷
বিধায়ক পদ্ম হাজৰিকাই জানিবলৈ দিয়া মতে চিতলমাৰীৰ পৰা পানপুৰ ঘাট আৰু তেৱাৰীপাল প্ৰৰ্য্যন্ত দহ কি:মি: ৰো অধিক দুৰত্ব চলাৰ ফেঞ্চিংৰ কাম সম্পুৰ্ন কৰি পৰবৰ্ত্তী প্ৰৰ্য্যায়ত চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ নদুৱাৰৰ বৰদিকৰাই এলেকাৰ এজাৰগুৰি, চিলনীপাম ধৰি বিভিন্ন প্ৰান্তত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই ইতিমধ্যে বহুলোকক হত্যা কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জীয়াভৰলী নদীৰ দাতিকাশৰীয়া অঞ্চলটোৰ প্ৰায় পোন্ধৰ কি:মি: দুৰত্বৰ চলাৰ ফেঞ্চিংৰকাম উক্ত অঞ্চলৰ ৰাইজৰ সহযোগত তেওৰ নিজা উদ্যোগতেই সম্পূৰ্ণ কৰি তুলিব ৷ এই চলাৰ ফেঞ্চিং দিয়াৰ কামৰ বাবে বিধায়ক গৰাকীয়ে দুজনকৈ ইলেট্ৰিচিয়ানক নিয়োগ কৰাৰ কথা জানিবলৈ দিছে ৷