Begin typing your search above and press return to search.

বলীউডত ছাৰোগেছীৰ জৰিয়তে মাতৃত্বৰ সোৱাদ লৈছে চেলিব্ৰটীয়েঃ সদ্যহতে মা হ’ল একতা কাপুৰ

বলীউডত ছাৰোগেছীৰ জৰিয়তে মাতৃত্বৰ সোৱাদ লৈছে চেলিব্ৰটীয়েঃ সদ্যহতে মা হ’ল একতা কাপুৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Jan 2019 12:34 PM GMT

সৰু পৰ্দাৰ তথা হিন্দী ধাৰাবাহিকৰ তথা বলীউডৰ চলচ্চিত্ৰৰ প্ৰসিদ্ধ তথা জনপ্ৰিয় পৰিচালক একতা কাপুৰৰ জীৱনলৈ আহিছে এটি শিশু ৷ছাৰোগেছীৰ জৰিয়তে মাতৃ হোৱা ৪৩ বছৰীয়া একতাৰ ২৭ জানুৱাৰীত জন্ম হয় এটি ল’ৰা সন্তান ৷তথ্য অনুসৰি একতাৰ পুত্ৰ সন্তান সম্প্ৰতি সম্পূৰ্ণ সুস্থ ৷ অৱশ্যে একতাই এতিয়ালৈকে বিবাহ পাশত আৱদ্ধ হোৱা নাই ৷ইফালে একতাৰ ভাতৃ তুষাৰ কাপুৰো ৩৯ বছৰ বয়সত ২০১৬ চনত ছাৰোগেছীৰ জৰিয়তে পিতৃ হয়। তুষাৰ কাপুৰ নিজৰ তিনি বছৰীয়া পুত্ৰৰ নাম ৰাখে লক্ষ্য ৷ সম্প্ৰতি তুসাৰেও বিবাহ পাশত আৱদ্ধ হোৱা নাই ৷

ইফালে সাম্প্ৰতিক কালত বলীউডত ছাৰোগেছীৰ জৰিয়তে পিতৃ মাতৃৰ অনুভৱ প্ৰাপ্ত কৰে সকলোৱে ৷বলীউডৰ জনপ্ৰিয় অভিনেতা,পৰিচালক, ডাইৰেক্টৰ অনুষ্ঠান পৰিচালক ৪৬ বছৰীয়া কৰণ জোহৰ সম্প্ৰতি বিবাহ পাশত আৱদ্ধ হোৱা নাই ৷কিন্তু দুই বছৰৰ আগতে কৰণে পিতৃ হ’বৰ কাৰণে ছাৰোগেছীৰ সহায় লয় ৷ ইয়াৰ পিছত কৰণ য়শ আৰু ৰুহী নামৰ দুটি শিশুৰ পিতৃ হয় ৷ বলীউডৰ আন এজন অভিনেত্ৰী ৪৩ বছৰীয়া শ্ৰেয়ছ তলপড়ে আৰু মনো চিকিৎসক দীপ্তীৰ লগত ২০০৪ চনত বিবাহ পাশত আবদ্ধ হয়৷ ইয়াৰ পিছত শ্ৰেয়স আৰু দীপ্তিয়ে ছাৰোগেছীৰ সহায় লয় ৷ আৰু ২০১৮ চনৰ ৪ মে’ইত এটি কণ্যা শিশুৰ পিতৃ মাতৃ হয় শ্ৰেয়স আৰু দীপ্তি ৷ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানেো ছাৰোগেছীৰ জৰিয়তে সৰু পুত্ৰ অৱৰামক জন্ম দিয়ে ৷ইয়াৰ পূৰ্বে শ্বাহৰুখ দুটি সন্তানৰ পিতৃ আয়ান আৰু সুহানা ।

তথ্য অনুসৰি অৱৰামৰ জন্মৰ সময়ত শ্বাহৰুখ খানৰ পত্নী গৌৰী খানে ৪০ বছৰ অতিক্ৰম কৰে ৷ গতিকে এনে বয়সত শিশু জন্ম দিয়াত যথেষ্ট অসুবিধাৰ সৃষ্টি হয় ৷সেয়েহে শ্বাহৰুখে অৱৰামৰ জন্ম দিবলৈ ছাৰোগেছীৰ সহায় লয় ৷বলীউডৰ পাৰফেক্টছ’নিষ্ট আমিৰ খান আৰু দ্বিতীয় পত্নী কিৰণ ৰাওৰ সন্তানক জন্ম দিবলৈও আইবীএফৰ সহায় লয় ৷ইয়াৰ পিছত ২০১১ চনত ৫ ডিচেম্বৰত পুত্ৰ সন্তান আজাদক জন্ম দিয়ে ৷ আমিৰ খানৰ প্ৰথমা পত্নী ৰীনা দত্তৰ ফালৰ পৰা দুটি সন্তান আছে ৷ ইফালে ৩৭ বছৰীয়া চানী লিয়নীয়েও ছাৰোগেছীৰ জৰিয়তে দুটি সন্তানৰ মাতৃ হয় ৷ ইয়াৰ ৮ মাহৰ পূৰ্বে চানীয়ে নিশা কৌৰক নিজৰ সন্তান হিছাপে লয়। এই খবৰ চানী লিয়নীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে ৷ মডেল আৰু অভিনেত্ৰী লীজা ৰেয়ো ছাৰোগেছীৰ জৰিয়তে বিগত বৰ্ষত দুটি কন্যা সন্তানৰ মাতৃ হয় ৷ সুফী আৰু সোলিয়ল নামৰ কন্যা সন্তানৰ দুটিৰ জন্ম হৈছে জৰ্জিয়াত ৷উল্লেখ্য যে বলীউডৰ চেলীব্ৰেটী সকলে প্ৰায়ে অনাথ শিশু সকলক আকোঁৱালি লয় । যি কথাই সততে চৰ্চা লাভ কৰে আৰু সেই চেলিব্ৰেটী সকলৰ কৰ্মত প্ৰেৰণা হিছাপে লৈ এনে ধৰণে অনাথ শিশু সকলক আশ্ৰয় দিয়ে ৷যি সমাজৰ কাৰণে আদৰণীয় দিশ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি