
ছোৱালী কুৰিতে বুঢ়ী ৷ এই কথাষাৰৰ লগত আমি চিনাকি, কাৰণ প্ৰায়ে এই কথাষাৰ শুনা যায় বিভিন্ন জনৰ পৰা ৷ কিন্তু বলীউডৰ অভিনেত্ৰী সকলৰ ক্ষেত্ৰত কিন্তু এই কথাষাৰ প্ৰযোজ্য নহয় ৷কাৰণ সম্প্ৰতি সদায় ফিট ৰাখিবৰ কাৰণে বলীউডৰ অভিনেত্ৰী সকলে নিজকে যেনেদৰে প্ৰস্তুত কৰে ৷সেয়া সকলোৰে জ্ঞাত ৷ বলীউডৰ ৮০-৯০ দশক বা তাৰ প্ৰাকমূহুৰ্তৰ অভিনেত্ৰীসকলে ৫০ ৰ দেওনা পাৰ হৈ যোৱাৰ পিছত পিছৰ প্ৰজন্মৰ অভিনেতা অভিনেত্ৰী সকলৰ মা,পেহী,মাহীৰ চৰিত্ৰত অভিনয় কৰে ৷ কিন্তু সম্প্ৰতি বলীউডত ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা নাযায় ৷কাৰণ এতিয়া মাধুৰী দীক্ষিত,জুহী চাওলা,নিনা গুপ্তা দৰে অভিনেত্ৰীয়ে নিজৰ গ্লেমাৰেৰে দপদপাই আছে বলীউডত ৷ কাৰণ তেওঁলোকক ছবিৰ নায়ক নায়িকাৰ "মা"ৰ চৰিত্ৰত অভিনয় কৰিব কৰিবলৈ ক’লে নাকচ কৰে ৷ পিছে তাৰো এক কাৰণ আছে ৷
এই সন্দৰ্ভত এক সাক্ষাৎকাৰত জুহী চাওলাই কয় যে বলীউডৰ ছবি "বদলা"ত তাপ্সী পন্নুৰ মাৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুজায় ঘোষে মোক অনুৰোধ কৰিছিল যদিও মই নাকচ কৰিলোঁ ৷সম্প্ৰতি সেই চৰিত্ৰত অমৃতা সিঙে অভিনয় কৰিব ৷ মোৰ ছবি খনৰ কাহিনীক লৈ কোনো অসুবিধা নাই ৷কিন্তু মোক ছবি খনত বয়সস্থ দেখাবৰ কাৰণে নিজকে বহুত পৰিৱৰ্তন কৰিব লাগিব ৷সেয়েহে মই এই ছবি খনৰ মা চৰিত্ৰত অভিনয় কৰিবৰ কাৰণে সন্মতি প্ৰদান নকৰিলোঁ৷ লগতে জুহী চাওলাই কয় যে প্ৰায়ে আলিয়া ভট্ট,অনন্যা পাণ্ডে আৰু দীপিকা পাডুকনৰ মাৰ চৰিত্ৰত অভিনয় কৰিবৰ কাৰণে কোনো অসুবিধা নাই ৷কিন্তু চৰিত্ৰত আকৰ্ষনীয় হ’ব লাগে ৷ যদি এই ক্ষেত্ৰত মোৰ চৰিত্ৰটো আকৰ্ষনীয় হয় তেন্তে মোৰ কোনো অসুবিধা নাই ৷
ইফালে "ৱধাই হো"ত আয়ুস্মান খুৰানৰ মাৰ চৰিত্ৰত অভিনয় কৰা নীনা গুপ্তাই কয় যে ৱাধাই হো ছবিখনৰ পিছত মোক এনেধৰণৰ অভিনয়ৰ কাৰণে যথেষ্ট অফাৰ আহিছে যদিও মই নাকচ কৰিছোঁ ৷কাৰণ মই সম্প্ৰতি নতুন ধৰণৰ চৰিত্ৰত অভিনয় কৰিব বিচাৰোঁ৷উল্লেখ্য যে ধক ধক গাৰ্ল মাধুৰী দীক্ষিতে গ্লেমাৰ,সাৱলীল অভিনয়ৰে পদাৰ্পন কৰিছে ট’টেল ধামালত৷ ইয়াৰ পিচতে মাধুৰীৰ আন এখন ছবি হৈছে কলংক ৷
অৱশ্যে বলীউডত এতিয়াওঁ "জিৰো" ফিগাৰ অথবা নিজকে ফিট ৰাখি এতিয়াও শীৰ্ষত আছে মলাইকা আৰোৰা,শিল্পা চেট্টীৰ দৰে অভিনেত্ৰী ৷তেওঁলোকে নিজকে এতিয়াও সাম্প্ৰতিক সময়ৰ অভিনেত্ৰী সকলৰ দৰেই ফিট ৰাখিছে ৷উপযুক্ত ব্যায়াম, ডায়েট সূচী, এই সকলোৰে সংযোগত এতিয়াওঁ বয়সৰ চাপ পৰা নাই শিল্পা চেট্টী, মলাইকা আৰোৰাৰ দৰে অভিনেত্ৰীৰ ৷শিল্পা চেত্ৰী কুণ্ডাৰ ষ্টাইল,ড্ৰেছ,গ্লেমাৰ সকলোৱে বিশেষ আকৰ্ষণ কৰে অনুৰাগীক ৷ গতিকে এতিয়াও কোনো ছবিৰ নায়িকাৰ চৰিত্ৰত অভিনয় কৰিলে আকোঁৱালি ল’ব দৰ্শকে ৷গতিকে দেখা যায় সম্প্ৰতি বলীউডত ৯০ দশকৰ অভিনেত্ৰী সকলৰ ধাৰা অব্যাহত আছে।
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন