Begin typing your search above and press return to search.

বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানৰ বিষয়ে কি ক’লে সাৰা আলী খানে ?

বলীউডৰ অভিনেত্ৰী কৰীণা কাপুৰ খানৰ বিষয়ে কি ক’লে সাৰা আলী খানে ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 April 2019 11:30 AM GMT

বলীউডৰ অভিনেত্ৰী সাৰা আলী খান আৰু কৰীণা কাপুৰ খানৰ সম্পৰ্কটোৰ বিষয় জানিবলৈ সকলো উৎসুক হৈ থাকে ৷ শেহতীয়াকৈ সাৰা আলী খানে কৰীনা কাপুৰ খানৰ লগত থকা সম্পৰ্কটোৰ বিষয়ত মন্তব্য কৰি কয় যে দেউতাক চৈইফ আলী খান সুখী কাৰণে সাৰা আলী খানো সুখী ৷ কিছুদিনৰ আগত সাৰা আলী খান কৰণ জোহৰৰ কফী উইথ কৰণত কৰীনা আৰু সাৰাৰ সম্পৰ্কৰ কথা কৈছিল ৷তাৰ মাজতে চেইফ আলি খান আৰু অমৃতা সিঙৰ জীয়ৰী সাৰা আলি খানে কৰণ জোহৰৰ জনপ্ৰিয় অনুষ্ঠান “কফী উইথ কৰন”ত কয় যে ,কৰীনা কাপুৰ খানে নিবিচাৰে যে সাৰাই কৰীনাক “চোটি মা” বুলি মাতক ৷

এই সন্দৰ্ভত এক অনুস্থানত কৰীনাই অমৃতা সিঙৰ প্ৰশংসাত পঞ্চমুখ হৈ কয় যে, সাৰা আৰু ইব্ৰাহীমৰ লগত ইতিমধ্যে এগৰাকী মাতৃ আছেই ৷ যি গৰাকী মাতৃয়ে সাৰা আৰু ইব্ৰাহীমক সকলো শিক্ষাৰ শিক্ষিত কৰি গঢ়ি তুলিছে ৷ যি গৰাকী মাতৃয়ে তেওঁৰ দুই সন্তানক উচিত শিক্ষাৰে শিক্ষিত কৰি তুলিছে ৷সেই গৰাকী মাতৃৰ স্থান কৰীনাই কেতিয়াও ল’ব নিবিছাৰে। কিন্তু কৰীনা সকলো সময়তে সাৰা আৰু ইব্ৰাহীমৰ বন্ধু হৈ তেওঁলোকৰ লগত থাকিব ৷জীৱনৰ যিকোনো মুহুৰ্ততে ভাল-বেয়া সকলো সময়তে কৰীনা তেওঁলোকৰ লগত থাকিব বুলি মন্তব্য কৰে কৰীনা কাপুৰ খানে ৷

ইফালে সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান “কফী উইথ কৰণ” অনুস্থান কৰীনাৰ সন্দৰ্ভত সাৰাই কৈছিল যে চৈইফ আৰু কৰীনাৰ বিয়াৰ পিছত কৰীনাক “আন্টি” অথবা “চোটি মা”বুলি কোৱাৰ প্ৰসংগত কয় যে, কৰীনাই নিবিচাৰে যে সাৰাই কৰীনাক “চোটি মা” বা আন্টি বুলি কওক ৷ কাৰণ কৰীনাৰ ভাষ্য অনুসৰি সাৰাৰ লগত এগৰাকী সুদক্ষ মাতৃ আছেই ৷ তেনে স্থলত কৰীনা সাৰাৰ এগৰাকী ভাল বন্ধু হৈ থাকিব বিচাৰে ৷ কৰীনা কাপুৰ খানে সাৰাই “কৰীনা” অথবা “K” বুলি কোৱাটো বিচাৰে ৷ লগতে সাৰাই কয় যে সম্প্ৰতি তেওঁলোকৰ পৰিয়ালৰ সকলো সুখী ৷ মাতৃ অমৃতা সিং,চৈইফ আলী খান,কৰীনা কাপুৰ খান সকলো নিজৰ ঠাইত সুখী।

অন্যহাতে এটা ৰেডিঅ’ জ’কী অনুষ্ঠানত কৰীনাই সাৰা আলী খান সৌন্দৰ্য লগতে বুদ্ধিমত্তাৰ সংযোজন বুলি মন্তব্য কৰে ৷লগতে কয় যে,দেশ বিদেশৰ প্ৰত্যেকটো খবৰ ৰাখে সাৰা আলী খানে ।সততে দেখা যায় যে,অভিনেতা অভিনেত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ তেনেই নগণ্য হয় । যাৰ কাৰণে প্ৰায়ে ছ’চিয়েল মিডিয়াত অভিনেতা অভিনেত্ৰীসকলৰ চৰ্চাৰ সন্মুখীন হয়। সাৰাৰ অভিনয় সম্পৰ্কত কৰীনাই কয় যে, অভিনেত্ৰী কৰীনাই শ্বুটিঙস্থলীত গৈহে অভিনয় কৰিব লগা চৰিত্ৰটোৰ বিষয়ে অধ্যয়ন কৰে ৷কিন্তু সাৰা এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ সাৰা আলী খানৰ অভিনয় জন্ম প্ৰদত্ত ৷ সাৰাই শ্বুটিস্থলীলৈ যোৱাৰ আগমুহুৰ্তত প্ৰায়ে নিৰ্দিষ্ট চৰিত্ৰটোৰ সন্দৰ্ভে পুনংখানুপুংখ ভাৱে অধ্যয়ন কৰি যায়৷

ইফালে কেদাৰনাথৰ জৰিয়তে বলীউডত পদাৰ্পন কৰা অভিনেত্ৰী সাৰা ৰনৱীৰ সিঙৰ লগত ৰোহিত চেট্টীৰ চিম্বাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ সম্প্ৰতি সাৰা আলী খান ব্যস্ত আছে,কাৰ্তিক আয়ানয়ৰ লগত লভ আজ কল 2 ৰ দৃশ্যগ্ৰহণত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story