Begin typing your search above and press return to search.

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক ভূয়সী প্ৰশংসা কৰিলে আন এগৰাকী অভিনেত্ৰীয়ে

বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক ভূয়সী প্ৰশংসা কৰিলে আন এগৰাকী অভিনেত্ৰীয়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 April 2019 12:40 PM GMT

বলীউডৰ অভিনেতা দীপিকা পাডুকন আৰু ভূমি পাডনেকাৰক দেখিবলৈ পোৱা যাব দুখন ব্যতিক্ৰমী ছবিত ৷ সম্প্ৰতি দীপিকা পাডুকন ব্যস্ত আছে "ছপাক" ছবিৰ দৃশ্যগ্ৰহণত আৰু ভূমি পাডনেকাৰ ব্যস্ত আছে "চান্দ কী আঁখ"ছবিৰ দৃশ্য গ্ৰহণত। দীপিকা পাডুকনে এচিড আক্ৰমণ হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ আধাৰত নিৰ্মাণ হোৱা ছপাক ছবিত নাম ভূমিকাত অভিনয় কৰিছে ৷

অন্যহাতে ভূমি পাডনেকাৰে অভিনয় কৰিছে বিশ্বৰ পুৰণি শ্বাৰ্পশ্বুটাৰৰ নাম ভূমিকাত ৷বলীউডৰ দুয়ো গৰাকী অভিনেত্ৰীয়ে ছবিত জীৱন্ত ৰূপত নিজক উপস্থাপন কৰিবৰ কাৰণে ছবিৰ দৃশ্যগ্ৰহণত যথেষ্ট কষ্ট কৰিছে ৷ ইফালে ছপাক ছবিৰ দীপিকা পাডুকন আৰু ভূমি পাডনেকাৰ দুয়োগৰাকী অভিনেত্ৰীৰ ছবিৰ দৃশ্যগ্ৰহণৰ বিভিন্ন আলোকচিত্ৰ সম্প্ৰতি অনুৰাগীসকলৰ মাজত বিয়পি পৰিছে ।ভূমি পাডনেকাৰ দীপিকা পাডুকনক প্ৰশংসা কৰি কয় যে ছপাক ছবিখন যথেষ্ট প্ৰাসংগিক ৷ সমাজৰ এটা জলন্ত সমস্যাক ছবিখনত উপস্থাপন কৰা হৈছে ৷ ছপাক ছবিৰ প্ৰথম লুক মই দেখিছোঁ ৷ সেয়া অত্যন্ত মনপৰশা।

ছবি খনৰ কাৰণে দীপিকা পাডুনৰ পৰিৱৰ্তিত ৰূপে আকৰ্ষিত কৰিছে সকলোকে ৷ মই দীপিকা পাডুকনৰ কামৰ কাৰণে সৌভাগ্যশালী বুলি অনুভৱ কৰোঁ ৷ দীপিকা পাডুকনৰ কামে মোক বহুত অনুপ্ৰাণিত কৰে। এই মন্তব্য অভিনেত্ৰী ভূমি পাডনেকাৰৰ ৷ লগতে বলীউডত মহিলাসকলে বা যুৱতী সকলে দেখুওৱা পাৰদৰ্শিতাৰ সম্পৰ্কে ভূমিয়ে কয় যে চান্দ কী আঁখ আৰু ছপাকৰ দৰে ছবিয়ে বলীউডলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই আনিছে ৷ মানুহে কেৱল ভাল ছবি চাবলৈ বিচাৰে ৷

ইফালে ভূমি পাডনেকাৰে চান্দ কী আঁখ ছবিখনৰ প্ৰথম লুকত দৰ্শকসকলে দেখুওৱা মৰমত অভিভূত বুলি মন্তব্য কৰে। লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে যেতিয়া দৰ্শকে আদৰি লয় তেতিয়া মন প্ৰচুৰ শান্তি পোৱা যায় ৷এগৰাকী অভিনেত্ৰী হিচাপে মই এই ছবিখনক সকলো দিছো ৷ সকলো চলচ্চিত্ৰ প্ৰেমীৰ সকৰাত্মক প্ৰতিক্ৰিয়া দেখাৰ পিছত ছবিখনৰ কাৰণে কৰা তিনি ঘন্টা মেক আপ নিশ্চিত ৰূপে সফলতা লাভ কৰিছে। ছবিৰ কাৰণে নিজক পৰিৱৰ্তন কৰাৰ প্ৰসংগত ভূমি পাডেনেকাৰে কয় যে ছবিসমূহৰ কাৰণে হোৱা মোৰ পৰিৱৰ্তন হৈ ভাল পাঁও ৷

গতিকে ছবিসমূহত বাস্তৱভাৱে নিজক উপস্থাপন কৰিবৰ কাৰণে মোৰ পাৰ্যমানে চেষ্টা কৰোঁ ৷ মই ছবিত সমগ্ৰ ঘটনাক সাৱলীল ভাৱে উপস্থাপন কৰি নিজক দায়িত্বশীল অনুভৱ কৰোঁ ৷ চন্দ্ৰ দাদী আৰু প্ৰকাশী দাদী হৈছে বাস্তৱ জীৱনৰ সেনানী৷ মই এই ছবিখনত অভিনয় কৰিবলৈ পায় যথেষ্ট সুখী ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story