Begin typing your search above and press return to search.

বলীউডৰ এগৰাকী অভিনেত্ৰীৰ অনুৰাগী অন্যন্যা পাণ্ডেঃ কিন্তু কোন এইগৰাকী অভিনেত্ৰী ?

বলীউডৰ এগৰাকী অভিনেত্ৰীৰ অনুৰাগী অন্যন্যা পাণ্ডেঃ কিন্তু কোন এইগৰাকী অভিনেত্ৰী ?

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Feb 2019 1:22 PM GMT

বলীউডৰ নৱ প্ৰজন্মৰ অভিনেত্ৰী অন্যন্যা পাণ্ডে সম্প্ৰতি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা দেখা গৈছে। অভিনেত্ৰী গৰাকীৰ প্ৰথম ছবিখন মুক্তিৰ প্ৰাকমুহুৰ্ততে অন্য এখন ছবিৰ কাৰণে চুক্তিবদ্ধ হৈছে ৷অন্যন্যাই বলীউডত নিজৰ জয়যাত্ৰা অব্যাহত ৰক্ষাৰ কাৰণে পূৰ্ন প্ৰস্তুতি কৰিছে ৷ ইফালে,অভিনেত্ৰী গৰাকীয়ে ক’লা পোচাক পৰিধান কৰি এখন ফ’টো আপল’ড কৰিছে ইনষ্টাৰগ্ৰামত ৷লগতে অন্যন্যাই ফ’টো খনৰ লগত কৰীণা কাপুৰৰ প্ৰসিদ্ধ ডাইল’গ kaun hai yeh, jisne dobara mud ke mujhe nahi dekha?

https://www.instagram.com/p/Bt3q69rnC_4/

অন্যহাতে অভিনেত্ৰী অন্যান্য পাণ্ডে কৰীনা কাপুৰৰ অনুৰাগী ৷অন্যন্যাই নিজৰ ষ্টাইল আৰু মোহনীয়তাৰ কাৰণে চলচ্চিত্ৰৰ অনুৰাগীসকলৰ মৰম বুটলিবলৈ সক্ষম হৈছে ৷ অভিনেত্ৰী গৰাকীৰ ছ’চিয়েল মিডিয়াত প্ৰায় ১০ লাখ অনুৰাগী আছে ৷সম্প্ৰতি অভিনেত্ৰী গৰাকীয়ে কৰণ জোহৰৰ ছবি ষ্টুডেন্ট অৱ ইয়েৰ ২ ত টাইগাৰ শ্ৰফ আৰু তাৰা চুতাৰিয়াৰ লগত অভিনয় কৰাৰ কাৰণে সাজু হৈছে ৷

https://www.instagram.com/p/Bt3qwF5Ht5T/

মুম্বাইত এক ৰেষ্টুৰেন্টত ডাৰেক্টৰ পুনীত মল্হোত্ৰাৰ এটি পাৰ্টিত অন্যন্যা,কাৰ্তিক আয়নৰ লগতে বলীউডৰ চেলীবেট্ৰী সকল উপস্থিত হ’য় ৷প্ৰয়াত অভিনেত্ৰী শ্ৰী দেৱীৰ জীয়ৰী জাহ্নৱী কাপুৰেই হওক বা চৈইফ আলী খানৰ জীয়ৰী সাৰা আলী খান অথবা চাংকি পাণ্ডেৰ জীয়ৰী অন্যন্যা পাণ্ডেয় হওক সম্প্ৰতি বলীউডৰ ষ্টাৰ কিড সকল সততে চৰ্চাৰ শীৰ্ষত থাকে ৷

https://www.instagram.com/p/Bts4T-4HFHT

অন্যন্যাক "ষ্টুডেন্ট ইয়েৰ অৱ দ্য ইয়েৰ"ৰ উপৰিও কাৰ্তিক আয়ন আৰু ভূমি পেডনেকাৰৰ লগত "পতি পত্নী অ’ৰ ৱ"ত দেখিবলৈ পোৱা যাব ৷ কৰণ জোহৰৰ সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "কফী উইথ কৰণ"ত টাইগাৰ শ্ৰফ আৰু তাৰা চুতাৰিয়াৰ লগত দেখিবলৈ পোৱা যাব ৷ কৰণ জোহৰৰ কফী উইথ কৰন অনুষ্ঠানটোত কৰণৰ লগত মতবিনিময় কৰি কয় যে এতিয়ালৈকে অন্যন্যাই এনে কোনো কাম কৰা নাই যে যাৰ কাৰণে কৰণৰ এই অনুষ্ঠানটোত উপস্থিত হ’ব ৷ লগতে অন্যন্যাই কৰণৰ কফী উইথ কৰণত উপস্থিত হ’ব কাৰণে যোগ্যতা নাই বুলি কয়।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি