
বলীউডৰ অভিনেতা বৰুণ ধাৱন আৰু আলিয়া ভাট্টে সম্প্ৰতি সকলোলৈকে জনাইছে এপ্ৰিল ফুলৰ শুভেচ্ছা ৷এটি ভিডিঅ’ৰ জৰিয়তে সকলো অনুৰাগী বৰুণ ধাৱন ।আৰু আলিয়া ভাট্টে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷
https://www.instagram.com/p/Bvs1rsdDagU/
ইফালে কলংকত অভিনয় কৰা দুয়োগৰাকী ছুপাৰষ্টাৰে সকলো অনুৰাগীৰ মৰম বুটলিবলৈ সক্ষম হৈছে ৷ কলংক ছবিখলত বৰুণ ধাৱন আৰু আলিয়া ভাট্টৰ কেমেষ্ট্ৰীয়ে বাতৰিৰ শিৰোনামা দখল কৰিছে ৷ দুয়ো জন ছুপাৰষ্টাৰে কৰণ জোহৰৰ ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ জৰিয়তে বলীউডত পদাৰ্পণ কৰিছিল ৷ ইয়াৰ পিছত হামটি শৰ্মা কী দুলহনীয়া, বদৰীনাথ কী দুলহনীয়াৰ জৰিয়তে বলীউডত বিশেষ আসন লাভ কৰে আলিয়া ভাট্ট আৰু বৰুণ ধাৱনে ৷
শেহতীয়াকৈ ২৬ বছৰ হোৱা অভিনেত্ৰী গৰাকী সম্প্ৰতি ছ’চিয়েল মিডিয়াত ৩০ মিলিয়ন অনুৰাগী আছে ৷আলিয়া ভাট্টে শেহতীয়াকৈ নিজৰ ব্যক্তিগত বাহন চালক আৰু আলিয়াক সততে সহায় কৰা অমোল নামৰ এজন ব্যক্তিক ৫০ লাখ টকাকৈ উপহাৰ হিচাপে প্ৰদান কৰে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি আলিয়া ভাট্টে দুয়োজন ব্যক্তিগত কৰ্মীক এই সমগ্ৰ টকা মুম্বাইৰ দৰে ঠাইত নিজৰ বাসগৃহ ক্ৰয় কৰিবৰ কাৰণে প্ৰদান কৰে ৷
আলিয়া ভাট্টৰ পৰা এই উপহাৰ পোৱাৰ পিছতে দুয়োজনে জুহুৰ গলী আৰু খাৰ দাণ্ডা অঞ্চলত এটিকৈ ফ্লেট ক্ৰয় কৰে ৷ ইফালে ব্যক্তিগত বাহন চালক সুনীল আৰু অ’মোলে আলিয়াৰ লগত প্ৰথম ছবি ২০১২ চনত মুক্তি লাভ কৰা ষ্টুণ্ডেন্ট অব দ্য ইয়েৰৰ পৰা কাম কৰি আছে ৷ আলিয়াই সুনীল আৰু অ’মোলক দুয়োজনকে পৰিয়ালৰ সদস্য হিছাপে মৰম কৰে ৷
অন্যহাতে আলিয়া ভাট্টে কিছুদিন পূৰ্বে ১৩ কোটি টকাৰ এটা এপাৰ্টেন ক্ৰয় কৰে ৷ আলিয়াৰ নতুন ঘৰটো মুম্বাইৰ জুহুত অৱস্থিত ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি জুহুৰ ঘৰটো ক্ৰয় কৰাৰ সময়ত খবৰ আহিছিল যে বয়ফেণ্ড ৰনবীৰ কাপুৰ আৰু আলিয়াৰ কাৰণে সেই ঘৰটো ক্ৰয় কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷কিন্তু পিছত আলিয়া ভাট্টে এই খবৰ নাকচ কৰে । আৰু আলিয়াই কয় যে মই তাত নাথাকোঁ ৷ মই সেই ঠাইত নিজৰ অফিচ মুকলি কৰিবলৈ ক্ৰয় কৰিছোঁ ৷ য’ত মই মোৰ প্ৰডাকশ্যন হাউচ এটৰ্নেল চানচাইন প্ৰডাকশ্যন মুকলি কৰিম ৷
অন্যহাতে আলিয়া আৰু ৰনবীৰে দুয়ো একেলগে বলীউডৰ ছবি “ব্ৰহ্মাস্ত্ৰ”ত একেলগে অভিনয় কৰিব ৷ ইয়াৰ প্ৰাকমুহুৰ্তত আলিয়া ক দেখা যাব ৰনৱীৰ সিঙৰ সৈতে জোয়া আখতাৰৰ ছবি গুলী বয়ত ৷ছবিখনৰ ট্ৰেইলৰ সম্প্ৰতি মুক্তি লাভ কৰিছে ৷ ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ এই ট্ৰেইলৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কাৰণ আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছে সকলোকে ৷
ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ইতিমধ্যে বলীউডৰ বহু চৰ্চিত ছবি কলংকৰ সম্প্ৰতি প’ষ্টাৰ ৰিলীজ হৈছে ৷ প’ষ্টাৰত কংলক ছবিত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ লুকে ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ তাৰ ভিতৰত আলিয়া ভাট্ট আৰু সোনাক্ষী সিন্হা অন্যতম ৷আনহাতে বৰুণ ধাৱন ব্যস্ত আছে ষ্টিট ডান্সাৰ দৃশ্যগ্ৰহণত ৷ কিন্তু সম্প্ৰতি বৰুণ আলিয়াৰ কলংকৰ কেমেষ্ট্ৰী আকৰ্ষণ কৰিছে সকলোকে ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন