Begin typing your search above and press return to search.

বলীউডৰ ব্লক ব্লাষ্টাৰ ছবি "পিংক"ৰ ৰিমেক তামিলত

বলীউডৰ ব্লক ব্লাষ্টাৰ ছবি পিংকৰ ৰিমেক তামিলত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Jan 2019 11:19 AM GMT

বলীউডত ২০১৬ চনত মুক্তি পোৱা ছবি "পিংক" PINK ৰ ৰিমেক হ’ব তামিলত। আৰু ছবি খনৰ তামিলত নাম হ’ব থালা ৫৯ ৷ এই ছবিখন পৰিচালনা কৰিছে বনী কাপুৰে ৷ লগতে ছবিখনৰ অভিনেতা অভিনেত্ৰী সকলৰ নাম সম্প্ৰতি ফাইনেল হৈছেই৷ ছবিখনত অভিনেতা অজিতথ কুমাৰ লগত অভিনয় কৰিব বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী বিদ্যা বালানে৷এছ বিনোদৰ প্ৰযোজনাৰে "থালা ৫৯" ছবিখনৰ প্ৰজেক্টৰ কাম বিগত বৰ্ষৰ ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে।

ইফালে ২০১৬ বৰ্ষৰ ব্লক ব্লাষ্টাৰ তথা বহু পুৰস্কাৰেৰে সন্মানিত ছবি "পিংক"অভিনয় কৰিছিল তাপসী পন্নুয়ে৷"পিংক"ৰ তামিল ৰিমেক "থালা ৫৯"ত তাপসীৰ চৰিত্ৰত অভিনয় কৰিব মালায়ালম অভিনেত্ৰী নঝৰিয়া নাজিমে।লগতে অভিনয় কৰিব কল্যানী প্ৰিয়দৰ্শনে। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি অভিনেত্ৰী বিদ্যা বালানৰ "থালা ৫৯"ছবিখনৰ জৰিয়তে তামিল ছবি জগতত প্ৰথম বাৰৰ কাৰণে পদাৰ্পণ কৰিব ৷ গতিকে বলীউডৰ পিছত সম্প্ৰতি বিদ্যা বালানে তামিল ছবি জগতৰ দৰ্শকৰ মন জয় কৰিবলৈ প্ৰস্তুতি চলাইছে ৷ ইফালে বিদ্যা বালানে এনটীআৰৰ বায়’পিকত এনটিআৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে।

উল্লেখ্য যে,পিংক ছবিখন অজীথৰ লগত বলীউডৰ প্ৰয়াত অভিনেত্ৰী শ্ৰী দেৱীয়ে পৰিচালনা কৰাৰ কথা আছিল৷ অজিথে শ্ৰীদেৱীৰ লগত "ইংলিশ-ৱিংলিশ" ছবিখনত একেলগে কাম কৰিছিল ৷ লগতে পিংকৰ তামিল ৰিমেক নিৰ্মাণ কৰিবৰ কাৰণে অজিথে উপদেশ দিছিল শ্ৰীদেৱীক ৷ এই মন্তব্য কৰে বনী কাপুৰে ৷ উল্লেখ্য যে ২০১৬ চনত মুক্তি পোৱা অনিৰুদ্ধ ৰয়ৰ "পিংক" ছবি খনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল ৷ ছবিখনত বলীউডৰ বিগ বি অমিতাভ বচ্চন, তাপ্সী পন্নু ,কীৰ্তি কুলাহাৰী,অংগদ বেদী,পিয়ুছ মিশ্ৰা,ধৃৰ্তিমান চেট্টাৰ্জীয়ে অভিনয় কৰিছিল ৷

সকলো অভিনেতা অভিনেত্ৰীৰ সাৱলীল অভিনয়,উৎকৃষ্ট মানদণ্ডৰ সংলাপ,সমাজক চুই যোৱা তথা সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰা কাহিনীৰে "পিংক"ছবিখনে বহু পুৰস্কাৰ আৰু দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ৷ অন্যহাতে পিংক ছবিখনে বহু দেশ বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰোপৰি পিংক ছবিখন ৰাষ্ট্ৰপতি ভৱনটো প্ৰদৰ্শিত কৰা হৈছিল ।যিটো আছিল ছবিখনৰ নিৰ্মাতা,প্ৰযোজক , পৰিচালক তথা ছবিখনত জড়িত সকলো কলা কুশলীৰ কাৰণে এক বৃহৎ সাফল্য। গতিকে "পিংক"ৰ এই সাফল্যৰ পিছত তামিলৰ ৰিমেক "থালা ৫৯"য়েও দৰ্শকক আকৃষ্ট কৰিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি