বলীউডৰ ষ্টাৰকো চেৰ পেলালে প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰে: কিন্তু ক’ত ?

মালায়ালাম অভিনেত্ৰী প্ৰিয়া প্ৰকাশ ৱাৰিয়াৰ হৈছে ২০১৮ বৰ্ষৰ গুগুলত অধিক চাৰ্চ কৰা বা জানিব বিচৰা ব্যক্তি ৷ "অ’ৰো অড্ডাৰ লভ" শীৰ্ষক ছবিখনৰ এটি গানত চকুৰ মোহনীয় অংগী ভংগীৰ জৰিয়তে এটা নিশাতেই ষ্টাৰলৈ পৰিণত হৈছিল প্ৰিয়া প্ৰকাশ ৷ লগতে ছ’চিয়েল মিডিয়াত ভিডিঅ’টো ভাইৰেল হৈ যোৱাৰ পিছত যথেষ্ট অনুৰাগী বৃদ্ধি পাইছিল প্ৰিয়া প্ৰকাশৰ ৷
সম্প্ৰতি ৱাৰিয়াক অনুৰাগীয়ে গুগলত চাৰ্চ কৰা প্ৰসংগত পিছ পৰি গ’ল বলীউডৰ ষ্টাৰসকলো ৷ প্ৰিয়া প্ৰকাশৰ পিছত গুগলত অধিক সংখ্যকে চাৰ্চ কৰা দ্বিতীয়জন হৈছে নৱ বিবাহিতা প্ৰিয়াংকা চোপ্ৰাৰ পতি নিক জোন্স৷কিন্তু এই তালিকাখনত প্ৰিয়াংকা চোপ্ৰা আছে চতুৰ্থ স্থানত ৷ অন্যহাতে,হাৰিয়ানাৰ গায়িকা তথা বিগ বচৰ প্ৰাক্তন প্ৰতিযোগী চপনা চৌধুৰী আছে তৃতীয় স্থানত ৷ সোনম কাপুৰৰ পতি আনন্দ আহুজা,চেইফ আলি খান আৰু অমৃতা সিঙৰ জীয়ৰী সাৰা আলি খান,চলমান খান,ভজন গায়ক অনুপ জলোটা,বনি কাপুৰ আদিও আছে আটাইতকৈ জানিব বিচৰা গুগলৰ তালিকাখনত ৷
অন্যহাতে,গুগলত "How to" কেনেকৈ কৰে প্ৰসংগত "Whatsapp" (ৱাটছএপ) ত ষ্টীকাৰ কেনেকৈ দিয়ে,আধাৰৰ লগত মোবাইল লিংক কেনেকৈ কৰে,ৰংগোলী কেনেকৈ আঁকে আদিকে পাঁচটা বিষয়ত গুগলত অত্যাধিক চাৰ্চ কৰা বিষয় হিচাপে নিৰ্বাচিত হৈছে ৷ অন্যহাতে,গুগলত What is অৰ্থাৎ কি হয় এই সম্পৰ্কত চাৰ্চ কৰা বিষয়কেইটা হৈছে ৩৭৭ কি? চিৰীয়াত সম্প্ৰতি কি হৈ আছে? কিকী চেলেঞ্জ আৰু মী টু ৰ সন্দৰ্ভত চাৰ্চ কৰা তথ্য পোৱা গৈছে ৷
ইফালে ,যদি খেল জগতৰ কথা চাৰ্চ কৰা বিষয়টো প্ৰসংগত দেখা যায় ভাৰতত ফিফা ৱল্ড কাপৰ লগতে আইপীএলে ২০১৮ ৰ সকলোতকৈ অধিক চাৰ্চ কৰা বিষয় হিচাপে পৰিগণিত হয় ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন