শীৰ্ষ বাতৰি
বলীউদ অভিনেতা চুশান্ত সিঙ ৰাজপুতে নগালেণ্ড বানপানীৰ বাবে আগবঢ়ালে সাহাৰ্য্য
বলীউদৰ অভিনেতা,ষ্টাৰ চুশান্ত সিঙ ৰাজপুতে কেৰেলাত হোৱা বানপানীৰ নামত সাহাৰ্য্য আগবঢ়োৱা পিছতে এইবাৰ সাহাৰ্য্য আগবঢ়ালে নগালেণ্ড বাসীলৈ।চুশান্তে ১.২৫কোটি টকাৰ সাহাৰ্য্য আগবঢ়ালে বানপিড়ীত নগালেণ্ডলৈ।
বলীউদ অভিনেতা গৰাকীয়ে যোৱা ছেপ্তেম্বৰ ৪ তাৰিখে ডিমাপুৰত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ৰ হাতত সাহাৰ্য্যৰ টকা খিনি আগবঢ়ায়।
মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰ যোগেদি চুশান্তক ধন্যবাদ জ্ঞাপন কৰে যে চুশান্তে নগালেণ্ড বাসীৰ হিতাৰ্থে সহায়ৰ হাত আগবঢ়োৱা বাবে।
চুশান্ত সিঙ ৰাজপুতে নগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে উঠা ফটোও চ'চিয়েল মিডিয়াৰ যোগেদি প্ৰকাশ কৰিছে।
নগালেণ্ডৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা জানিব পোৱা মতে,নগালেণ্ডৰ বানত প্ৰায় ১২লোকৰ জীৱন,৫৩২গাঁও আৰু ৪৮৮২১ পৰিয়াল আৰু ২,৬১,১১৫লোকৰ ক্ষতিসাধন হৈছে।