বশিষ্ঠত শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলাই গ্ৰেপ্তাৰ কণ্ডাক্টৰ

বশিষ্ঠত শিক্ষাৰ্থীক যৌন নিৰ্যাতন চলাই  গ্ৰেপ্তাৰ কণ্ডাক্টৰ
Published on

গুৱাহাটী মহানগৰীৰ নমাইলস্থিত কেন্দ্ৰীয় বিদ্যালয়ৰ স্কুল বাছৰ কণ্ডাক্টৰৰূপী এটা নৰপিশাচে সংঘটিত কৰিছে এক জঘন্য কাণ্ড । মনোজ দাস নামৰ লম্পটটোৱে স্কুল বাছতে ছাত্ৰ-ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ।

বিদ্যালয় কৰ্তৃপক্ষ আৰু অভিভাৱকৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পটটোক । দীৰ্ঘদিনৰ পৰাই ধৃত মনোজ দাসে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক বাছৰ ভিতৰতে যৌন নিৰ্যাতন চলাই আহিছিল বুলি প্ৰকাশ কৰিছে বশিষ্ঠ আৰক্ষীয়ে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com