Begin typing your search above and press return to search.

বহু বিতৰ্কই আগুৰিলেও "মণিকৰ্নিকা"ত কৰা অভিনয়ৰ কাৰণে প্ৰসংশিত হৈছে কংগনা ৰানাউট

বহু বিতৰ্কই আগুৰিলেও মণিকৰ্নিকাত কৰা অভিনয়ৰ কাৰণে প্ৰসংশিত হৈছে কংগনা ৰানাউট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2019 11:11 AM GMT

২৫ জানুৱাৰীত মুক্তি পাব মণিকৰ্নিকা ৷ কংগনা ৰাণাউটৰ (Kangana Ranaut) বহু চৰ্চিত ছবি মণিকৰ্ণিকা ৷ মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত ছবি খনে যথেষ্ট বিতৰ্কিত সৃষ্টি কৰিছে ৷ পিছে বলীউডৰ অভিনেতা মনোজ কুমাৰে ছবিখনৰ বিশেষ স্কীণ প্ৰত্যক্ষ কৰি কয় যে, মণিকৰ্নিকা ছবিখন অত্যন্ত উন্নত মানদণ্ডৰ হৈছে ৷ এই ছবিখনৰ জৰিয়তে ইতিহাসৰ বহুত পৃষ্ঠা খোল খালে ৷ যাৰ দ্বাৰা ৰাণী লক্ষ্মী বাঈৰ জীৱন কাইিনী জনসাধাৰণৰ সন্মুখত নতুনকৈ উপস্থাপন হ’ব । লগতে কংগনা ৰানাউটৰ সাৱলীল অভিনয়ৰ সম্পৰ্কে প্ৰশংসা কৰি মনোজ কুমাৰে কয় যে,হৰ হৰ মহাদেৱৰ জয়ধ্বনিৰে সম্পূৰ্ণ ছবি খনৰ পৰা অনুভৱ হয় যে ৰানী লক্ষ্মীবাঈৰ চৰিত্ৰত অভিনয় কৰা কংগনা ৰানাউটে লক্ষ্মীবাঈৰ চৰিত্ৰত অভিনয় কৰিবলৈয়ে তৈয়াৰ কৰিছে ৷ লগতে মনোজ কুমাৰ কয় যে মনিকৰ্নিকা ছবি খনত কংগনাই নিজকে ৰাণী লক্ষ্মীবাইৰ ৰূপত উপস্থাপন কৰিবলৈ কৃপণালি কৰা নাই ৷

ইফালে মণিকৰ্নিকা ছবিখনক লৈ বিতৰ্ক অব্যাহত আছে ৷কৰণী সেনা আৰু কংগনা ৰানাউটৰ দুয়ো পক্ষৰ মতভেদৰ পিছত কৰণী সেনাই হুংকাৰ দিয়ে যে যদিহে কংগনাই কৰণী সেনাক ক্ষমা নোখোজে তেন্তে কৰণী সেনাই কংগনাৰ ঘৰৰ বাহিৰত প্ৰতিবাদ কৰিব ।কিন্তু সম্প্ৰতি প্ৰশাসনে কৰণী সেনাক প্ৰতিবাদ কৰিবৰ কাৰণে অনুমতি দিয়া নাই ৷ মুম্বাই পুলিছৰ মন্তব্য অনুসৰি যদি কৰণী সেনাই আইন অমান্য কৰি প্ৰতিবাদ কৰে তেন্তে আইনী ব্যৱস্থা লোৱা হ’ব ৷ অন্যহাতে কৰণী সেনাৰ ৰাষ্ট্ৰীয় মহাসচিব আনন্দ সিং ঠোকে কয় যে তেওঁৰ মণিকৰ্নিকাক লৈ কোনো অসুবিধা নাই ।কিন্তু অসুবিধা আছে কংগনা ৰাণাউটে দিয়া মন্তব্য ওপৰতহে ৷

কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে “মণিকৰ্নিকা”মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব ।ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷ এই কথাতেই ক্ষুদ্ধ হৈ কৰণী সেনাই কংগনাক ক্ষমা খুজিবলৈ কয়। লগতে কয় যে যেতিয়ালৈকে কংগনাই ক্ষমা নোখোজে তেতিয়ালৈকে কৰণী সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয়।

ইফালে বিভিন্ন তৰ্ক বিতৰ্ক সততে লাইমলাইটট থকা কংগনাৰ ছবিসমূহে দৰ্শকক সততে আকৰ্ষণ কৰি আহিছে। কংগনাৰ ডেবিউট ছবি গেংষ্টাৰ ছবি খনৰ কাৰণে শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী বটাঁ লাভ কৰিছিল ৷ কংগনাৰ “তন্নু ৱেডছ মন্নু”ছবি খনত কংগনাৰ অভিনয় পাহৰিব পৰা নাই চলচ্চিত্ৰ প্ৰেমীসকলে। ইয়াৰ পিছতে,”তন্নু ৱেডছ মন্নু” ৰিটাৰ্নছত কংগনাৰ যি জীৱন্ত অভিনয় সেয়া সকলোৰে জ্ঞাত ৷

ইয়াৰোপৰি ছবিজগতৰ বহু কেইটা এৱাৰ্ডেৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কংগনাই ৰাষ্টীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৮ চনত কংগনাই “ফেশ্বন”ছবিখনৰ কাৰণে শ্ৰেষ্ঠ সহ শিল্পীৰ ৰাষ্ট্ৰীয় বটাঁ লাভ কৰে।২০১৫ চনত মুক্তি লাভ কৰা তন্নু ৱেডছ মন্নু ৰিটাৰ্নছৰ কৰা সাৱলীল অভিনয়ৰ কাৰণে কংগনাই ফিল্ম ফেয়াৰ এৱাৰ্ডছ লাভ কৰে। কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story
চাকৰি