বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান আছুৰ

সদৌ অসম ছাত্ৰ সন্থাই কৈছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঐতিহাসিক লালকিল্লাৰ পৰা প্ৰদান কৰা স্বাধীনতা দিৱসৰ ভাষণত অসমত বসবাস কৰা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব লাগে।১৯৮৫ চনৰ ১৫ আগষ্টত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি ঐতিহাসিক অসম চুক্তিত সাক্ষৰ কৰা কথা ঘোষণা কৰিছিল যাৰ লগে লগে ছয় বছৰীয়া অসম আন্দোলনৰ অন্ত পৰিছিল কিন্তু অসম চুক্তিৰ আজি ৩৩ বছৰৰ পাছতো অসম চুক্তি ৰূপায়ন নহল আৰু অতি জলন্ত বাংলাদেশী সমস্যা নিৰ্মূল কৰিব নোৱাৰিলে।সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্য্যই কৈছে যে যিহেতু নৰেন্দ্ৰ মোডী নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে বাংলাদেশী নিৰ্মুলৰ ব্যৱস্থা কৰিছে তেতিয়া লালকিল্লাত নৰেন্দ্ৰ মোডীয়ে সাহসেৰে বাংলাদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব লাগে।উপদেষ্টা জনে লগতে কয় প্ৰধানমন্ত্ৰীৰ পৰা অসমবাসীয়ে সংকল্প আশা কৰিছে যাৰ জড়িয়তে দেশৰ সংহতি আৰু সাৰ্বভৌমত্ব বৰ্তী থাকে।