Begin typing your search above and press return to search.

বাংলাদেশ নিৰ্বাচনৰ পূৰ্বে সীমান্তত সষ্টম হৈছে বি এচ এফ

বাংলাদেশ নিৰ্বাচনৰ পূৰ্বে সীমান্তত সষ্টম হৈছে বি এচ এফ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Dec 2018 7:37 AM GMT

বাংলাদেশৰ সাধাৰণ নিৰ্বাচন সমাগত। বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ সময়ত সীমান্তত হব পৰা যিকোনো অনুপ্ৰবেশ ৰোধৰ বাবে সষ্টম হৈ পৰিছে সীমা সুৰক্ষা বল চমুকৈ বি এচ এফ। ভাৰত-বাংলাদেশ সীমান্তত হব পৰা অবৈধ অনুপ্ৰবেশকাৰীৰ প্ৰতি লক্ষ্য ৰাখি বি এচ এফে ঘৰুৱা প্ৰযুক্তিৰে নিৰ্মিত এক ব্যাপক সীমান্ত ব্যৱস্থাপনা প্ৰযুক্তি দুমাহৰ ভিতৰত ধুবুৰীৰ সীমান্ত অঞ্চলত স্থাপন কৰিব।নতুন সীমান্ত ব্যৱস্থাপনা প্ৰযুক্তিৰ দ্বাৰা সীমান্তত মানৱ নিৰীক্ষণৰ সমান্তৰাল ভাবে প্ৰযুক্তিগত নিৰীক্ষণ কৰিব পৰা যাব।এই নতুন ব্যৱস্থা বিধ নিৰীক্ষণ যন্ত্ৰ,যোগাযোগ ব্যাৱস্থা,নিৰীক্ষণ কেন্দ্ৰৰ লগত অহৰহ সংযুক্ত হৈ থকাৰ এক সংমিশ্ৰণ হব। প্ৰথমে এই প্ৰযুক্তিয়ে ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰৰ ওচৰৰ ৬০ কিলোমিটাৰ অঞ্চল সামৰি লব।পৰবৰ্তী

সময়ত অন্যান্য অঞ্চল সমূহো এই প্ৰযুক্তিৰ অন্তৰ্ভুক্ত কৰা হব।

বি এচ এফৰ মহা নিৰ্দেশক ৰজনী কান্ত মিশ্ৰই শুক্ৰবাৰে বি এচ এফৰ বাৰ্ষিক সংবাদ মেল সম্বোধি কয় যে চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে নতুন প্ৰযু্ক্তিবিধ মুকলি কৰাৰ কথা আছিল কিন্তু আমি দুমাহৰ ভিতৰত এই প্ৰযুক্তি বিধ সীমান্তত ব্যাবহাৰ কৰিম।এই প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত ধৰা নপৰাকৈ কোনো অনুপ্ৰবেশকাৰী সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰবেশ কৰিব নোৱাৰিব। মিশ্ৰই সীমান্তৰ কিছুমান অঞ্চলত কাইটীয়া বেৰ নিৰ্মনত অসুবিধা আছে বুলি উল্লেখ কৰি এই স্থান সমুহত প্ৰযুক্তিৰ সহায় লোৱা হব বুলি মন্তব্য প্ৰকাশ কৰে। জম্মু আৰু কাশ্মীৰত ইতিমধ্যে পৰীক্ষামুলক ভাবে ইায়াৰ প্ৰয়োগ কৰা হৈছে আৰু সমগ্ৰ ব্যৱস্থাটো পৰ্যালোচনা কৰি থকা গৈছে বুলিও মহানিৰ্দেশক গৰাকীয়ে সাংবাদিকক অবগত কৰে।বি এচ এফে অবৈধ অনুপ্ৰবেশ কাৰীক চিনাক্ত কৰাৰ বাবে সীমান্তত কোব্ৰা তাৰৰো ব্যাবহাৰ কৰি আহিছে। কোব্ৰা তাৰত বিদ্যুৎ সংযোগ কৰি ৰাখিলে কোনোবাই সীমান্তৰ বেৰ অতিক্ৰম কৰিব বিচাৰিলেই সংকেট ধ্বনি বাজি উঠিব বুলি মিশ্ৰই সাংবাদিকক কয়। বি এচ এফে ২০১৭ চনৰ পৰা ২০১৮ চনলৈ প্ৰায় ৩০৫১৫.৯৬২ কিলোগ্ৰাম মাদক দ্ৰব্য সীমান্তত জব্দ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি