Begin typing your search above and press return to search.

বাক্সাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ

বাক্সাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Oct 2018 12:33 PM GMT

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে চেষ্টা চলাই থকাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে বাক্সাতো অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ।বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অধীনৰ আমিনগাঁও অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকৰ আক্ৰমনত অতি কৰুণ ভাৱে প্ৰাণ হেৰুৱাব লগীয়া হৈছে এজন লোকে। লোকজন প্ৰমে ব্ৰহ্ম বুলি জানিব পৰা গৈছে।লোক জনৰ বয়স প্ৰায় ২৮ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

খাদ্যৰ সন্ধানত ওলাই আহি হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাই তহিলং কৰে বিঘাই বিঘাই পকা ধান ।অঞ্চলতোৰ বিভিন্ন ঠাইত বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে ।

বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়াল । বনৰীয়া হাতীৰ আক্ৰমনত এতিয়া নিদ্ৰা বিহীন ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে ।

উল্লেখ্য যে, বিগত এমাহ ধৰি বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোত জনসাধাৰণৰ নিদ্ৰাহৰণ কৰিছে আহিছে যদিও হাতীৰ জাকটোক খেদি পঠিওৱাৰ বাবে বন বিভাগে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে ৷

Next Story
চাকৰি