Begin typing your search above and press return to search.

বানপানীৰ পৰা হ’ব লগা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আজৰা ছাত্ৰ সংগঠনৰ

বানপানীৰ পৰা হ’ব লগা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আজৰা ছাত্ৰ সংগঠনৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 May 2019 8:20 AM GMT

বানপানীৰ পৰা হ’ব লগা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আজৰা ছাত্ৰ সংগঠনৰ ৷ ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনদীসমূহে সৃষ্টি কৰা বানপানীয়ে সততে অসমৰ জিলাসমূহত বানৰ সৃষ্টি কৰি আহিছে ৷ চলিত বৰ্ষত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে বিভিন্ন পদক্ষেপ লোৱাৰ পিছতো কোনো ধৰণৰ সকাহ নাপালে অসমৰ বানত বিধ্বস্ত হোৱা ৰাইজে।

সোমবাৰে আজৰা ছাত্ৰ সংগঠনে আজৰা ৰাজহ চক্ৰৰ বিষয়ালৈ এখন স্মাৰক পত্ৰ জ্ঞাপন কৰে ৷ য’ত অঞ্চলটোত বানৰ পৰা হ’ব লগা পৰিস্থিতিসমূহৰ সন্দৰ্ভে উল্লেখ আছে। আজৰা ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক মকিবুৰ আলী আৰু সম্পাদক গুণমনি মহন্তই এক সংবাদ বিবৃত্তিত কয় যে বিগত বৰ্ষত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ,ধাৰাপুৰৰ সৰ্বত্ৰে বানপানীয়ে এক বৃহৎ সমস্যাৰ সৃষ্টি কৰে ৷

এই পৰিস্থিতিক সমাধান কৰিবৰ কাৰণে ছাত্ৰ সংগঠন আৰু অঞ্চলটোৰ ৰাইজে চৰকাৰক অনুৰোধ কৰিছিল যদিও কোনো ধৰণৰ ব্যৱস্থা ন’ললে৷ গতিকে বাৰিষা অহাৰ প্ৰাকমূহুৰ্তেই ছাত্ৰ সংগঠন আৰু স্থানীয় লোকসকলে উপযুক্ত ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি