Begin typing your search above and press return to search.
বানাক্ৰান্ত সকলক সহায়ৰ বাবে আগবাঢ়ি আহিল খ্ৰীষ্টান মিচনেৰী লোক

বানাক্ৰান্ত সকলৰ এতিয়াও আঁতৰা নাই দুখ দুৰ্গতি ৷বান বিধস্ত খুমটাইৰ বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিল খ্ৰীষ্টান মিচনেৰী লোকসকল ৷ বানপানী আহোতে সকলো দল সংগঠন আগবাঢ়ি আহিছিল বানাক্ৰান্তসকলৰ খবৰ ল’বলৈ ৷ কিন্তু বানে সকলো লৈ যোৱা এইসকল দুৰ্ভগীয়াৰ কাষত থিয় হ’বলৈ এতিয়া যেন সময়ৰ অভাৱ কোনো এটা দল-সংগঠনৰ ৷ সেইবাবে এইবাৰ খুমটাই বানাক্ৰান্তসকলৰ কাষত থিয় হ’ল খ্ৰীষ্টান মিচনেৰীৰ অসম বাপ্টিছ কনভেনছন আৰু যোৰহাট মিছন হস্পিতাল ৷ খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলে বানাক্ৰান্তসকলক আঠুৱা, ফেনাইল, বিচিং পাউদাৰ, চাবোন, বাচন বৰ্তন বিতৰন কৰে ৷ কেৱল বানৰ সময়তহে ৰজাঘৰীয়াই মনত ৰাখে এইসকল লোকক কিন্তু পিছত তেওঁলোকৰ সময়ৰ অভাৱ এইসকল লোকৰ খবৰ ল’বলৈ ৷ উল্লেখ্য যে এই অনুষ্ঠানত বানাক্ৰান্তসকলৰ বস্তু বিতৰনত উপস্থিত থাকে খুমটাই ৰাজহ চক্ৰ বিষয়া মনিকা বৰা ৷
Next Story