ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ৰহমৰীয়াৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্র আৰু ইয়াৰ উপনৈ সমূহে চলোৱা গড়াখহনীয়া আৰু বান সমস্যাৰ সন্দৰ্ভত তিনিচুকীয়াত বান গড়া খহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ দ্বাৰা মঙ্গলবাৰে এক সংবাদ মেলৰ আয়োজন কৰা হয় | উল্লেখযোগ্য যে তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ গড়াখহনীয়া আৰু বান সমস্যাক লৈ ২০০৬ চনতে গঠন হোৱা বান গড়া খহনীয়া প্ৰতিৰোধ মঞ্চই অবিৰত সংগ্ৰাম চলাই আহিছে | সংবাদ মেলত মঞ্চৰ তৰফৰ পৰা জনোৱা হয় যে বিগত ২০১৩ চনতে জল সম্পদ বিভাগে প্ৰস্তুত কৰা ৭৮.৪৮ কোটিৰ ৰহমৰীয়া আৰু ১৪.১৪১ কোটি টকাৰ ডিৰাক চুমনী গড়াখহনীয়া প্ৰতিৰোধ আঁচনি চৰকাৰৰ টেকনিকেল এডভাচৰী কমিটিৰ অনুমোদন লাভ কৰে আৰু ২০১৭ চনত এই আঁচনি দুখনে বিত্তীয় অনুমোদন লাভ কৰে | কিন্তু ইয়াৰ পাছতো প্ৰায় ডেৰ বছৰে আঁচনি দুখনৰ ধন চৰকাৰে মোকলাই দিয়া নাই বুলি মঞ্চৰ তৰফৰ পৰা অভিযোগ তোলা হয় | মূখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে এই বিষয়টোৰ গুৰুত্ব বুজি বিভাগীয় বিষয়াসকলক অতিশীঘ্ৰেই আঁচনি দুখন কাৰ্য্যকৰী কৰাৰ নিৰ্দেশ দিয়া স্বতেও আজিপৰ্য্যন্ত আঁচনি দুখনৰ ধন মোকলাই দিয়া হোৱা নাই | সেয়েহে সংগঠনটোৱে উচ্চ ন্যায়ালয়ত আবেদন জনাইছে যে অতি শীঘ্ৰে এই আঁচনি দুখনৰ কাম সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰক আদেশ দিয়াৰ লগতে বান আৰু গড়াখহনীয়াত ক্ষতিগ্ৰস্ত সকলো লোককে ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে |
Begin typing your search above and press return to search.