Begin typing your search above and press return to search.

বায়ুসেনাৰ লক্ষ্য সন্ত্ৰাসবাদী, সাধাৰণ নাগৰিক নহয় : বায়ুসেনা প্ৰধান বি এচ ধানোৱাৰ

বায়ুসেনাৰ লক্ষ্য সন্ত্ৰাসবাদী, সাধাৰণ নাগৰিক নহয় : বায়ুসেনা প্ৰধান বি এচ ধানোৱাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 March 2019 7:00 AM GMT

বায়ুসেনা মুৰব্বী বি এচ ধানোৱাৰ বালাকোটত আক্ৰমণৰ সন্দৰ্ভত ঘোষণা । বালাকোটত জেইছ ই-মহম্মদৰ ঘাটিত আক্ৰমণৰ ক্ষয় ক্ষতিৰ হিচাপ বায়ুসেনায়ে প্ৰকাশ কৰা নাই । লগতে প্ৰকাশ কৰে যে বায়ুসেনাই আক্ৰমণ কৰে লক্ষ্যত, সাধাৰণ নাগৰিকৰ ওপৰত নহয় । বালাকোটৰ আক্ৰমণৰ ক্ষয় ক্ষতিৰ হিচাপ প্ৰকাশ কৰা নাই । কিমান লোক নিহত অথবা আহত হৈছে সেই সম্পৰ্কে তথ্য নাই । বায়ুসেনাই লক্ষ্যত উপনিত হৈছে নে নাই সেই সম্পৰ্কতহে গুৰুত্ব দিয়ে। আৰু বায়ুসেনাই লক্ষ্যত সফলভাৱে আক্ৰমণ কৰিছে বুলি প্ৰকাশ কৰিছে বি এচ ধানোৱাৰে ।

সংবাদমেলত বায়ুসেনা প্ৰধান জনে কয় যে কিমান নিহত হৈছে সেয়া হিচাপ কৰাৰ দায়িত্ব আমাৰ নহয় । আমি লক্ষ্যত আক্ৰমণ কৰিব পাৰিলো নে নাই সেয়াহে আমাৰ কাৰনে গুৰুত্বপূৰ্ণ । এই আক্ৰমণৰ ঘটনাৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা ঘটনাই আক্ৰমণৰ তথ্য দিছে বুলি প্ৰকাশ কৰে । পুলোৱামা কাণ্ডত পাছত প্ৰথম বাৰলৈ সংবাদ মেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে । ১৪ ফেব্ৰুৱাৰীত সংঘটিত কৰা পুলোৱামা কাণ্ডত ভাৰতৰ ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল।

বায়ুসেনাই বালাকোট আক্ৰমণত কিমান সন্ত্ৰাসবাদী নিহত হৈছিল সেই তথ্য প্ৰকাশ কৰা নাই যদিও দেওবাৰে আহমেদাবাদত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বালাকোটত প্ৰায় ২৫০ সন্ত্ৰাসবাদী নিহত হৈছিল বুলি প্ৰকাশ কৰে । কেন্দ্ৰীয় মন্ত্ৰী এচ এচ আলোৱালিয়ে কয় যে বালাকোট পাকিস্তানৰ বাবে এটা মেছেজ। ভাৰতীয় সেনাই পাকিস্তানৰ ভিতৰত সোমাই সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণত কৰাৰ ক্ষমতা আছে । ধানোৱাৰে প্ৰকাশ কৰে যে আক্ৰমণত কিমান নিহত হৈছে হৈছে অথবা কিমান ক্ষয় ক্ষতিৰ পৰিমাণ নিশ্চিত নহয় । পাকিস্তানে বায়ুৰে আক্ৰমণ কৰাৰ পাছত মিগ-২১ ৰে ভাৰতীয় বায়ুই যোগ্য প্ৰত্যুত্তৰ দিয়ে । তেওঁ প্ৰকাশ কৰে যে পাকিস্তানৰ হাতত ধবংস হোৱা অভিনন্দন বৰ্তমানে চলোৱা মিগ-২১ বিমানখন উপাযুক্ত বিমান ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে ৰাফেল জেট থকা হলে পৰিষ্ঠিতি বেলেগ হল হয় বুলি প্ৰকাশ কৰিছিল । পাকিস্তানৰ বিমান F-16 ভূপতি কৰিছিল ভাৰতীয় বায়ু সেনাই , এই বিমানখন আমেৰিকাত নিৰ্মিত আছিল বুলি প্ৰকাশ কৰে ।

Next Story
চাকৰি