Begin typing your search above and press return to search.

বাৰানসী লোকসভা সমষ্টিত প্ৰিয়ংকা গান্ধী নহয় কংগ্ৰেছৰ প্ৰাৰ্থী: অজয় ৰায়ক প্ৰাৰ্থীত্ব প্ৰদান

বাৰানসী লোকসভা সমষ্টিত প্ৰিয়ংকা গান্ধী নহয় কংগ্ৰেছৰ প্ৰাৰ্থী: অজয় ৰায়ক প্ৰাৰ্থীত্ব প্ৰদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 April 2019 10:06 AM GMT

বাৰানসী লোকসভা সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধী ভাদ্ৰা নিৰ্বাচনত অবতীৰ্ণ নহয় । বহু জল্পনা কল্পনাৰ অন্তত আজি কংগ্ৰেছে চুৰান্ত কৰিলে বাৰানসীৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম । বাৰানসীৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে প্ৰতিদন্দ্বিতা আগবঢ়াব নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ।

গোৰখপুৰ সমষ্টিত কংগ্ৰেছে মধুসূদন তিৱাৰীক প্ৰাৰ্থীত্ব কৰিছে। গোৰখপুৰত বিজেপিৰ প্ৰাৰ্থী অভিনেতাৰ পৰা ৰাজনীতিলৈ অহা ৰবি কৃষ্ণানে প্ৰতিদন্দ্বিতা কৰিব ।

পুৰ্বেতে প্ৰিয়ংকা গান্ধীয়ে প্ৰকাশ কৰিছিল যে তেওঁ বাৰানসীৰ পৰা প্ৰতিদন্দ্বিতা কৰিবলৈ পালে সুখী হ'ব । ২০১৪ চনতো বাৰানসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অজয় ৰায়ে প্ৰতিদন্দ্বিতা কৰিছিল । অজয় ৰায়ে মাত্ৰ ৭৫,০০০ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল । আম আদমি পাৰ্টি ৰ অৰবিন্দ কেজৰিয়ালে দ্বিতীয় স্থানত থাকি প্ৰায় ২ লাখ ভোট লাভ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫.৮ লাখ ভোট লাভ কৰিছিল ।

দলে বিচাৰিলে বাৰানসীৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হব বুলি প্ৰকাশ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে । শেষৰটো সপ্তাহত বাৰানসীৰ পৰা প্ৰিয়ংকা গান্ধীক প্ৰাৰ্থীত্ব দিয়াৰ প্ৰসংগত সোধা প্ৰশ্নত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে কয় যে বাৰানসীৰ প্ৰাৰ্থী নাম আপোনালোকৰ বাবে সাঁথৰ হৈ থাকক । যোৱা মাহত প্ৰিয়ংকা গান্ধীয়ে বাৰানসীত তিনি দিনিয়া ভ্ৰমণসুচীৰে নিৰ্বাচনী প্ৰচাৰ চলাইছিল ।

বাৰানসীত ১৯ মেত নিৰ্বাচন অনুষ্ঠিত হব । ১১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা দেশৰ ৭ টা পৰ্যায় নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হব ২৩ মেত ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story