বাৰিষাৰ প্ৰাকমুহুৰ্তত বানপানীৰ পৰা ৰক্ষা কৰিবলৈ গুৱাহাটীত প্ৰশাসনৰ তীব্ৰ অভিযান

কামৰূপ মেট্ট’ জিলা প্ৰশাসনে বাৰিষাৰ সময়ত যাতে যাত্ৰী তথা লোকসকলে যিকোনো দুৰ্ঘটনাৰ সন্মুখীন নহয়, তাৰ কাৰণে বাৰিষাৰ প্ৰাকমূহুৰ্তেই যাৱতীয় কাম কাজ কৰিবলৈ ককাঁলত টঙালী বান্ধিছে ৷ গুৱাহাটী নগৰ নিগমত প্ৰথম পৰ্যায়ত ৩৩০ টা নলাৰ চাফাই কাম সম্পূৰ্ণ হৈছে যদিও দ্বিতীয় পৰ্যায়ৰ চাফাই অভিযানৰ প্ৰক্ৰিয়া চলি আছে ৷ এই অভিযানৰ অন্তৰ্গতত ভৰলুমুখ,শিলসাকোঁ বিল,দীপৰ বিল,বাহিনী নদী,মৰা ভৰলুত চাফাই অভিযান কৰা হ’ব ৷
উপায়ুক্তৰ নিৰ্দেশানুসাৰে সম্প্ৰতি চাফাই অভিযান আৰম্ভ কৰা হৈছে । এই অভিযানত নদী,বিলসমূহত জাবৰ জোঁথৰ নিষ্কাষণ কৰা হ’ব ৷ আনহাতে, এই পৰিযোজনা জিএমচি আৰু জিএমডিএ অৰ্থাৎ গুৱাহাটী মহানগৰ বিকাশ প্ৰাধিকৰণৰ দ্বাৰা কৰা হৈছে ৷ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই সন্দৰ্ভত কয় যে নদী বিল সমূহৰ চাফাই অভিযানত কোনো বাধা থাকিব নালাগিব ৷
সততে নলা নদৰ্মাৰ চাফা কৰাৰ পিছত যিসমূহ জাবৰ জোঁথৰ গোটাই ৰখা হয় । তেনে ধৰণৰ পৰিস্থিতিৰ যাতে পুনৰ সৃষ্টি নহয় । জাবৰ জোঁথৰসমূহক তাৎক্ষনিক ভাৱে আঁতৰাই দিব লাগিব ৷ কাৰণ আমি এইবাৰ কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণ সকলো ধৰণৰ যাৱতীয় কাৰ্য কৰিছো ৷ ইফালে এপিডিচিএল বিভাগক বিদ্যুতৰ পৰা হ’ব লগা যিকোনো দুৰ্ঘটনাৰ পৰা সকাহ পাবৰ কাৰণে বিদ্যুৎ পৰিবাহী তাঁৰ সমূহ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে , জল সম্পদ বিভাগকো নিৰ্দেশ দিয়া হয় যে যাতে সকলো পানীৰ পাইপ সক্ৰিয় কৰি ৰাখে৷ উল্লেখ্য যে,খানাপাৰা আৰু পশু চিকিৎসালয় কলেজৰ ভিতৰত মেঘালয়ৰ অত্যাধিক পৰিমাণে অহা পানী জমা কৰিবলৈ ব্যৱস্থা কৰা হ’ব ৷
অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি