"বিগ বচ"ৰ নিয়ম ভংগ কৰি বাহিৰ হ’ল প্ৰতিযোগী

"বিগ বচ"ৰ নিয়ম ভংগ কৰি বাহিৰ হ’ল প্ৰতিযোগী
Published on

সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ "বিগ বচ"ৰ ঘৰৰ পৰা শেহতীয়াকৈ বাহিৰ হয় শিৱাশীষ মিশ্ৰা ৷ "বিগবছ"ত অংশগ্ৰহণ কৰা প্ৰতিযোগিসকলৰ ভিতৰত শিৱাশীষ মিশ্ৰা আছিল অন্যতম ৷ "বিগ বচৰ অন্যতম টাস্ক জেইলৰ শাস্তি দিয়া বিষয়টোত শিৱাশীষ মিশ্ৰাই আপত্তি দৰ্শাইছিল ৷যাৰ কাৰণে,বিগত সপ্তাহত ৰিয়েলিটী শ্ব’টোৰ পৰা বাহিৰ হয় শিৱাশীস মিশ্ৰা ৷

ইফালে,"বিগ বচ" ৰ প্ৰতিযোগীসকলৰ কাৰণে ৰিয়েলিটী শ্ব’টোত প্ৰথমৰ পৰা শেষ পৰ্যায়লৈ থাকিব পৰাটো এটা বৃহৎ প্ৰত্যাহ্বান ৷ বিভিন্ন ধৰণৰ টাস্ক হয় "বিগ বচ"ত ৷অন্যহাতে "বিগ বচ"ৰ পৰা বাহিৰ হৈয়ে শিৱাশীষ মিশ্ৰাই "বিগ বছ"ৰ বিৰুদ্ধে কৰিছে কেইবাটাও বিস্ফোৰণ৷ এক সাক্ষাতকাৰত শিৱাশীষ মিশ্ৰাই কয় যে, "বিগ বচ"ত শিৱাশীষতকৈ অধিক দোষী প্ৰতিযোগী আছিল যদিও শিৱাশীষকহে জেইলৰ শাস্তিৰ কাৰণে নিৰ্বাচিত কৰা হ’ল ৷ আৰু সেই বিষয়টোতে শিৱাশীষ মিশ্ৰাই অসন্তুষ্টি প্ৰকাশ কৰি বিগ বছৰ নিয়ম ভংগ কৰিছিল ৷

ইয়াৰ বিপৰীতে শিৱাশীষ মিশ্ৰাই "বিগ বচ"ৰ হোষ্ট চলমান খানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৷ চলমান খানে শিৱাশীষ মিশ্ৰাক অত্যন্ত বিনম্ৰৰতাৰে বিগ বছৰ পৰা বাহিৰ হ’বলৈ নিৰ্দেশ দিছিল যদিও শিৱাশীষে চলমানখানৰ ব্যক্তিত্বত অত্যন্ত শলাগ ল’লে ৷ ইয়াৰোপৰি শিৱাশীষ মিশ্ৰাই বিগ বছৰ অন্যতম প্ৰতিযোগী শ্ৰীশান্তৰ শলাগ ল’লে ৷ শ্ৰী শান্ত বিগ বছৰ প্ৰতিযোগীসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী প্ৰতিযোগী বুলিও অভিহিত কৰিলে শিৱাশীষ মিশ্ৰাই ৷

উল্লেখ্য যে,"বিগ বচ"ৰ প্ৰতিযোগিসকলৰ ভিতৰত শিৱাশীষক ষ্টাইলিছ প্ৰতিযোগী হিচাপে জনা যায় ৷ বলীউডৰ ষ্টাৰ চেঈফ আলি খান আৰু কৰীণা কাপুৰ খানৰ লগত থকা এখন ফ’টোৱে চাঞ্চল্য সৃষ্টি কৰিছিল ছ’চিয়েল মিডিয়াত ৷ এই সন্দৰ্ভত শিৱাশীষয়ে কয় যে এজন বিজনেচ মেন হিচাপে শিৱাশীষৰ বিভিন্ন সময়ত বিভিন্ন চেলীব্ৰেটিৰ লগত দেখা দেখি হে থাকে ৷ এই সন্দৰ্ভত শিৱাশীষ মিশ্ৰাই কয় যে,বিষয়টোৰ সন্দৰ্ভত শিৱাশীষে সকলো নথি পত্ৰ সহকাৰে "বিগবচ"ৰ কৰ্তৃপক্ষক অৱগত কৰোৱা কথাও উল্লেখ কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক:

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com