Begin typing your search above and press return to search.

"বিগ বছ"ত শেষ হাঁহি মাৰিলে অভিনেত্ৰী দিপীকা কক্কড়ে

বিগ বছত শেষ হাঁহি মাৰিলে অভিনেত্ৰী দিপীকা কক্কড়ে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2018 11:28 AM GMT

অৱশেষত অপেক্ষাৰ অন্ত পৰিল।বিগ বছৰ অনুৰাগী সকলৰ বহু জল্পনা কল্পনা অন্ত পেলাই অৱশেষত ঘোষণা হ’ল বিগ বছ-১২ ৰ বিজেতাৰ নাম। ছলমান খানে আঁত ধৰা অনুষ্ঠানটোক লৈ দৰ্শক সকলক আছিল যথেষ্ট উৎসক। কোনে শেষ হাঁহি মাৰিব? কিন্তু "বিগ বছ-১২ ৰ বিজয়ীৰ শেষ হাঁহি মাৰিলে অভিনেত্ৰী দীপিকা কক্কড়ে ৷ দেওবাৰে নিশা "বিগ বছ"অনুষ্ঠানটোৰ আছিল অন্তিম নিশা। শ্ৰীশান্ত,দীপক ঠাকুৰ আৰু দীপিকা কক্কড় তিনিজন শেষ প্ৰতিযোগীৰ মাজৰ পৰা দীপিকা কক্কড় বিজয়ী হয় ।

ইফালে দীপিকা কক্কড়ৰ প্ৰতিযোগী হিছাপে আছিল শ্ৰীশান্ত,ৰ’মিল চৌধুৰী,দীপক ঠাকুৰ আৰু কৰণৱীৰ ৱ’হৰা ৷ বিগ বছৰ অনুৰাগীসকলে কিছু সংখ্যকে কৰণৱীৰ আৰু শ্ৰীশান্তৰ আৰু দীপিকা মাজত "বিগ বছ" তিনি শেষ প্ৰতিযোগী দেখিছিল যদিও বিগ বছৰ শীৰ্ষ প্ৰতিযোগিসকলৰ মাজৰ পৰা কৰণৱীৰ আৰু ৰ’মিল চৌধুৰী ঘৰৰ পৰা বাহিৰ হয়। প্ৰথমে বিগ বছৰ পৰা অভিনেতা কৰণৱীৰ আউট হয় ৷ইয়াৰ পিছত হাৰিয়ানাৰ ৰোমিল চৌধৰী আউট হয় । দীপিকা কক্কড়,দীপক ঠাকুৰ আৰু শ্ৰীশান্তৰ ভিতৰত দীপিকা বিজয়ী হয় । আনহাতে বিহাৰৰ দীপক ঠাকুৰে ২০ লাখ টকা লাভ কৰাৰ লগতে দীপিকা কক্কড়ে লাভ কৰে ৩০ লাখ টকা ৷

এই বাৰ "বিগ বছ"ত আছিল ১৭ জন প্ৰতিযোগী ৷ ইয়াৰ ভিতৰত ৩ জনে ৱাইল্ড কাৰ্ড এন্টীত প্ৰবেশ কৰিছিল "বিগবচ"ৰ ঘৰত ৷ কৰণৱীৰ বোহৰা,সৌৰভ পেটেল, শিৱাশীষ মিশ্ৰা,দীপিকা কক্কড়,ৰোমিল চৌধুৰী,নিৰ্মল সিং,নেহা পেণ্ডচ,অনুপ জলোটা, জছলীন মাথুৰ, সৃষ্টি ৰোডে,সোমী খান,সাবা খান, দীপক ঠাকুৰ,উৰ্বশী বানী,কৃৰ্তি বৰ্মা,ৰশ্মী বানিক আৰু শ্ৰীশান্ত আছিল বিগ বছৰ প্ৰতিযোগী ৷ইয়াৰ বিপৰীতে সুৰভি ৰাণা,মেঘা ধাড়ে আৰু ৰোহিত সুচান্তী আছিল ৱাইল্ড কাৰ্ড এন্টীৰ প্ৰতিযোগী। কিন্তু সৰ্বশেষত এই সকলো প্ৰতিযোগীত চেৰ পেলাই বিজয়ী হয় ৩২ বছৰীয়া দীপিকা কক্কড়।

কালাৰ্ছৰ জনপ্ৰিয় ধাৰাবাহিক "সসুৰাল সিমৰ কা"ৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা কক্কড় ৷ চলিত বৰ্ষৰে ২২ ফেব্ৰুৱাৰীত দীপিকাই সহশিল্পী শোৱেব ইব্ৰাহীমৰ লগত বিবাহ পাশত আৱদ্ধ হয়। লগতে জনপ্ৰিয় ৰিয়েলিটী শ্ব’ "নছ ৱালিয়ে"টো দীপিকাই ভাগ লৈছিল শোৱেবৰ লগত ৷উল্লেখযোগ্য যে জনপ্ৰিয় অনুষ্ঠান "বিগ বছ" ১ ৰ বিজয়ী আছিল ৰাহুল ৰয়, ২ ৰ বিজেতা আশুতোষ, ৩ ৰ বিজেতা বিন্দু দ্বাৰা সিং, ৪ ৰ বিজেতা শ্ৰেতা তিৱাৰী, ৫ ৰ বিজেতা জুহী পৰমাৰ, ৬ ৰ বিজেতা উৰ্বশী ঢোলকিয়া,৭ ৰ বিজেতা গ’হৰ খান, ৮ ৰ বিজেতা গৌতম গুলাটী, ৯ ৰ বিজেতা প্ৰিন্স নৰুলা,১০ ৰ বিজেতা মনৱীৰ গুৰ্জৰ,১১ ৰ বিজেতা শিল্পা চিন্দে আৰু ১২ ৰ বিজেতা দিপীকা কক্কড়৷সম্প্ৰতি বহু প্ৰতীক্ষাৰ অন্তত ঘোষণা হোৱা "বিগ বছ"ৰ বিজেতা দিপীকা কক্কড়ৰ সাফল্যই উৎসাহিত কৰিছে অনুৰাগী সকলক ৷ কিন্তু "বিগ বছ-১২"য়ে দৰ্শকৰ মাজৰ পৰা বিদায় লোৱাৰ পিছত এতিয়া অনুৰাগীৰ অপেক্ষা বিগ বছ-১৩ লৈ ৷

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি