Begin typing your search above and press return to search.

বিগ বছ১২: দ্বিতীয় দিনাই কান্দিলে দিপীকা কাক্কাৰে

বিগ বছ১২: দ্বিতীয় দিনাই কান্দিলে দিপীকা কাক্কাৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2018 11:55 AM GMT

টেলী টাউনৰ সৰল মনৰ দিপীকা কাক্কাৰে বিগ বছ১২ৰ দ্বিতীয় দিনাই কান্দিলে।এইবাৰৰ কালাৰ্ছ চেনেলত অনুষ্ঠিত হোৱা ৰিয়েলিটী অনুষ্ঠান বিগ বছ১২ ৰ ঘৰত বিভিন্ন প্ৰতিযোগী সকলৰ মাজত 'চচুৰাল চিমৰ কা"ৰ জনপ্ৰিয় অভিনেত্ৰী দিপীকা কাক্কাৰে কান্দিলে।হয়,বিগ বছ১২ৰ বিহাৰৰ এজন প্ৰতিযোগী দিপক ঠাকুৰ নামৰ এজন গায়কৰ গীতত চকলো নিগৰালে দিপীকাই।

দিপীকা বিগ বছ ঘৰৰ পাকঘৰত কাম কৰি থকা সময়তে বিহাৰ প্ৰতিযোগী তথা গায়ক দিপকে জনপ্ৰিয় সীমাৰ গীত 'এ জাতে হোৱে লামহে' গীত গাই আছিল,ঠিক সেই গীত শুনি দিপীকা মন ভৰি পৰিল আৰু চকুৰ পৰা চকুলো নিগৰি আহিল।তাইৰ চকুত চকুলো দেখি বিগ বছৰ আন দুগৰাকী প্ৰতিযোগী নেহা পিন্দেচ আৰু চমি খানে কিয় কান্দিছা বুলি প্ৰশ্ন কৰোতে দিপীকাই কোনো বিশেষ এজন লোকলৈ মনত পৰা বুলি উত্তৰ দিছিল।

Next Story
চাকৰি