Begin typing your search above and press return to search.

বিগ বছৰ ঘৰৰ পৰা বিদায় লৈও নিজকে বিজয়ী ঘোষণা এই গৰাকী প্ৰতিযোগীৰ

বিগ বছৰ ঘৰৰ পৰা বিদায় লৈও নিজকে বিজয়ী ঘোষণা এই গৰাকী প্ৰতিযোগীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Dec 2018 12:00 PM GMT

সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান "বিগ বছ" আছে চৰ্চাৰ শীৰ্ষত ৷ ন’হবনো কিয় কাৰণ বিগ বছৰ ঘৰৰ পৰা বাহিৰ হৈও নিজৰ বিজয় সাব্যস্ত কৰিলে সুৰভি ৰাণাই ৷ দিন বাগৰৰ লগে লগে বিগ বছ অনুষ্ঠানটি হৈ গৈছে অধিক আকৰ্ষণীয়৷ প্ৰত্যেক সপ্তাহত শনি আৰু দেওবাৰে বিগ বছৰ ঘৰৰ পৰা বাহিৰ হয় এজনকৈ প্ৰতিযোগী৷ এইবাৰ বিগ বছৰ ঘৰৰ পৰা আউট হ’ল সুৰভি ৰাণা ৷ কিন্তু ঘৰৰ পৰা বাহিৰ হৈয়ে সুৰভি ৰাণাই কয় যে বিগ বছৰ ট্ৰফি যিয়েই লাভ নকৰক কিয় বিজয়ীটো মইয়েই হ’লো ৷ আৰু এই মন্তব্যৰ পিছতে চৰ্চা লাভ কৰিছে সুৰভি ৰাণাই ৷

"বিগ বছ"ৰ ঘৰৰ বিভিন্ন ভাল বেয়া,টেঙা মিঠা অনুভৱৰ বিষয়ে সুৰভি ৰাণাই কয় যে,"বিগ বছ"ৰ হোষ্ট ছলমান খানৰ লগত কৰা বিভিন্ন প্ৰসংগত কৰ্থা বাৰ্তা আলোচনা কৰা,টাস্ক জয়ী হোৱা আদি কাৰ্যসমূহৰ লগত বহুত ভাল মুহুৰ্তৰ কথা সুঁৱৰে সুৰভিয়ে ৷ লগতে সুৰভি ৰাণাই কয় যে,দৰ্শক সকলে নিজৰ দায়িত্ব আছে যে তেওঁলোকে কাক ভোট দিব কাক নিদিব । মই এই সন্দৰ্ভত বেছি নাভাবো৷কিন্তু মইয়েই নিজকে বিজেতা বুলি ভাবিম। লগতে কয় যে "বিগ বছ"12 ৰ মইয়েই বিজয়ী ৷ এই মন্তব্য সুৰভি ৰাণাৰ ৷

ইফালে "বিগ বছ"ৰ পৰা আহি সুৰভি ৰাণা আৱেগিক হৈ পৰা প্ৰসংগত কয় যে ,মই বৰ্তমানৰ লগত জীয়াই থাকিব বিচাৰোঁ ৷ যেতিয়ালৈকে "বিগ বছ"ৰ ঘৰত আছিলোঁ তেতিয়ালৈকে "বিগ বছ"ৰ ঘৰৰ সম্পৰ্কে ভাবিছিলোঁ ৷কিন্তু এতিয়া মই ভৱিষ্যতৰ কথা ভাবিম ৷ লগতে "বিগ বছ"ৰ বিজয়ী সন্দৰ্ভত সুৰভি ৰাণাই নিজক বিজয়ী ঘোষণা কৰিলেও কিন্তু কৰণৱীৰ বোহৰা নাম ল’বলৈ নাপাহৰিলে সুৰভিয়ে ৷ সুৰভিৰ ভাষ্য অনুসৰি কৰণৱীৰ এজন সচাঁ অন্তৰৰ মানুহ। লগতে আধ্যাত্মিক ব্যক্তি ৷ গতিকে কৰণৱীৰ বোহৰা "বিগ বচ"ৰ বিজয়ী হ’লে সুখী হ’ব সুৰভি।

উল্লেখ্য যে,সুৰভি ৰাণাৰ ওপৰত যাদু মন্ত্ৰ কৰাৰ আৰোপৰ বিষয়ে সুৰভিয়ে কয় যে,যাদু মন্ত্ৰ এইসমূহৰ কোনো ধৰণৰ সত্যতা নাই ৷মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ ৷ সম্প্ৰতি দেখা যায় যে কিছুসংখ্যক প্ৰতিযোগীয়ে ৰিয়েলিটী শ্ব’সমূহৰ পৰা তেওঁলোকক দেখা যায় টি ভিৰ ধাৰাবাহিকৰ অনুষ্ঠানত ৷ গতিকে সুৰভি ৰাণাক ভৱিষ্যতে দৰ্শকে টিভিৰ পৰ্দাত দেখিবলৈ পোৱাৰ সম্ভাৱনা সম্পৰ্কে কয় যে সুবিধা পালে মই নিশ্চয় অভিনয় কৰিম কিন্তু তাৰ প্ৰাকমুহুৰ্তত মই অভিনয়ৰ এবি চিডি শিকিহে অভিনয়ৰ পথাৰত খোজ দিম৷"বিগ বছ"ৰ ঘৰত প্ৰবেশ কৰাৰ সুযোগ সকলোৰে নাহে৷গতিকে সুৰভিয়ে বিগ বছৰ ঘৰত প্ৰবেশ কৰি বেলেগ এটা জীৱন অতিবাহিত কৰিলে ৷

উল্লেখ্য যে,হিমাচল প্ৰদেশৰ হমীৰপুৰ জিলাৰ বাসিন্দা সুৰভি ৰানাৰ জন্ম হৈছিল ১৯৯১ চনৰ ৭ মে’ত ৷পেছাত এগৰাকী দন্ত চিকিৎসক সুৰভি ৰাণা MTV ৰ ৰ’ডিজৰ প্ৰতিযোগী ৷"বিগ-বছ"টো সুৰভিয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল জনসাধাৰণক । কিন্তু সম্প্ৰতি "বিগ বছ" প্ৰতিযোগীসমূহৰ ভিতৰত কোন আউট হয় কোন জয়ী হয় সেয়াহে হ’ব লক্ষনীয় অনাগত দিনত ।

অধিক খবৰৰ বাবে পঢ়ক: মনোৰঞ্জন

Next Story
চাকৰি