Begin typing your search above and press return to search.

বিগ বি অমিতাভ বচ্চনৰ এটি গীতক লৈ সম্প্ৰতি চৰ্চা সৰ্বত্ৰেঃ উৎসুক অনুৰাগী

বিগ বি অমিতাভ বচ্চনৰ এটি গীতক লৈ সম্প্ৰতি চৰ্চা সৰ্বত্ৰেঃ উৎসুক অনুৰাগী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2019 12:03 PM GMT

গলী বয়ত ৰনৱীৰ সিঙৰ ৰেপ গীতৰ পিছত বলীউডত এইবাৰ ৰেপ গীতত কন্ঠ নিগৰালে বিগ বি অমিতাভ বচ্চনে ৷ সেয়েহে, সম্প্ৰতি এই কথাই চৰ্চা লাভ কৰিছে সৰ্বত্ৰে। মুক্তিৰ অপেক্ষাত থকা বদলা ছবি খনত বিগ বি অমিতাভ বচ্চনে "অ’কাট"শীৰ্ষক গীতটিত কন্ঠ দিছে ৷ সম্প্ৰতি গীতটিয়ে মুক্তি লাভ কৰিছে ৷ অ’কাট শীৰ্ষক গীতটিত কম্প’জ কৰিছে ক্লিংটন চেৰেজোয়ে ৷ গীতটিৰ কথা লিখিছে সিদ্ধান্ত কোশলে ৷ইফালে, বদলা ছবিখনৰ অ’কাট শীৰ্ষত গীতটিয়ে সমাজৰ সাম্প্ৰতিক পটভূমি দৰ্শাইছে ৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, যেতিয়া অ’কাট গীতটিৰ কথাসমূহ বিগ বিয়ে শুনিছিল তেতিয়া নিজেই গীতটিৰ গোৱাৰ সিদ্ধান্ত লয়। সুজায়া ঘোষৰ বদলা ছবিখন মুক্তি লাভ কৰিব ৮ মাৰ্চত ৷

https://www.instagram.com/p/BubS7zkAamG/

ছবিখনত অমিতাভ বচ্চনৰ উপৰিও অভিনয় কৰিছে তাপ্সী পান্নুৱে ৷ অভিনেত্ৰী তাপ্সী পান্নুৱে বিগ বি অমিতাভ গীতটি টুইটাৰ যোগে শ্বেয়াৰ কৰিছে ৷অন্যহাতে, ৰনৱীৰ সিঙৰ পিছত মহানায়ক অমিতাভ বচ্চনে এই গীতটিত যথেষ্ট সাৱলীতাৰে গাইছে ।এই ছবিখনত অমিতাভ বচ্চনে ক্যিয় ৰব্বা নামৰ এটি গীতত কন্ঠদান কৰিছে৷গীতটিৰ জৰিয়তে তাপ্সী পান্নুৰ বিবাহৰ পিছত অবৈধ সম্পৰ্ক আৰু অনুশোচনাক দেখুওৱা হৈছে ৷ মন কৰিব লগীয়া যে, ছবিখনত তাপ্সী পান্নু আৰু অমিতাভ বচ্চনৰ অভিনয়ে চুই যাব দৰ্শকক । কাৰণ,২০১৬ চনত বিগ বি আৰু তাপ্সী পান্নুৱে অভিনয় কৰিছিল পিংক নামৰ ছবিখনত ৷ ইফালে বদলা ছবি খন হৈছে শ্বাহৰুখ খানৰ প্ৰডাকচন কম্পনী ৰেড অন্তৰ্গতত নিৰ্মিত ৷

উল্লেখ্য যে ২০১৮ চনৰ ছবি ১০২ নট আউটত অমিতাভ বচ্চনে এটা ৰেপ গীতত কন্ঠ দিছিল ৷২০১২ চনত মুক্তি লাভ কৰা ছবি কহানীতো অমিতাভ বচ্চনে "একলা চ’লো ৰে" শীৰ্ষক গীতটিত কন্ঠ দিছিল ৷ ইয়াৰোপৰি অমিতাভ বচ্চনে ভগৱান,কভী খুছী কভী গম,খুদ্দাৰ আৰু ডনৰ দৰে ছবিত গীত গাই দৰ্শকৰ পৰা সমাদৰ লাভ কৰিছিল ৷

ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে গলী বয় ছবিখনত । ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি “চিম্বা”ৰ প্ৰসংগৰ কথা উত্থাপন কৰি কয় যে,চিম্বাত মোৰ চৰিত্ৰ আছিল যথেষ্ট দুষ্ট,মনোৰঞ্জকৰ লগতে মৰমিয়াল লোকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ইয়াৰ বিপৰীতে “গলী বয়”ত মই শান্ত শিষ্ট এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ কাৰণে নিজকে ভাগ্যশালী বুলি কয় ৰনৱীৰ সিঙে ৷প্ৰত্যেক গৰাকী নিৰ্মাতায়ে কৰা বিশ্বাসৰ কাৰণে ছবিসমূহত জীৱন্ত অভানয় কৰাৰ কথাও উল্লেখ কৰে অভিনেতা ৰনৱীৰ সিঙে৷

ইয়াৰোপৰি, ২০১৮ চনত মুক্তি পোৱা ছবি “পদ্মাৱত”,ছবিখনৰ ৰনৱীৰ সিঙৰ লুক,অভিনয় আদিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল জনসাধাৰণৰ মাজত ৷ গতিকে সম্প্ৰতি “গলী বয়”ও বি টাউনত খলকনি তুলিব বুলি আশা কৰিছে কলা কুশলীসকলৰ লগতে অনুৰাগীসকলে ৷উল্লেখ্য যে সততে আলিয়া ভাট্টৰ ছবিয়েও বক্স অফিচত উপাৰ্জন ক্ষেত্ৰত যথেষ্ট ধুমুহাৰ সৃষ্টি কৰে ৷গতিকে বলীউডৰ এই দুগৰাকী ছুপাষ্টাৰৰ উপস্থিতিত গলী বয়ে যে ধুমুহাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story