বিজনীত বাৰদিনীয়া ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মীপূজা অনুষ্ঠিত

চিৰাং জিলা বিজনীত এই বেলিও ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব ৰজাদিনীয়া শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা । সমগ্ৰ বিজনী চহৰ ব্যাপী অনুষ্ঠিত হবলগীয়া এই পূজা আৰু মেলাক কেন্দ্ৰ কৰি এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে । তাহানিৰ বিজনীৰ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা বিজনী ৰাজ ষ্টেটত তেঁওৰ ৰাজবংশৰ পৰৱৰ্তী ৰজাৰ পৃষ্ঠপোষকতাত বিজনীত এই লক্ষ্মীপূজা আৰু মেলাৰ শুভাৰম্ভ হয়৷
বিগত বছৰৰ দৰে এইবেলি ১২৭ সংখ্যক পূজা আৰু মেলাত আৰম্ভ হব।আৰু বিভিন্ন আনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অসম, পশ্চিম বংগ , বিহাৰ , উত্তৰ প্ৰদেশ( ইউ পি) আদিকে ধৰি বিভিন্ন স্হানৰ বিপনীয়ে অংশ গ্ৰহন কৰাৰ লগতে ৫খন বাণিজ্যমেলা লগতে মিনাবজাৰ২খন ভ্ৰামমান থিয়েটাৰ ৪খন ,চাৰ্কাচ ১খন ঐতিহাসিক লক্ষ্মীপূজা মেলাত অংশ গ্ৰহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনায় বিজনী লক্ষ্মীপূজা কমিটিৰ কাৰ্য্যকৰী সভাপতি ভৱেন চন্দ্ৰ বৰ্মণয়ে । তেওঁ আৰু জনায়যে, অহা বুধবাৰে ৰাতি পুৱা পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব পূজা পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় ৰায়ে । ইয়াৰ পিছত ৰাতিপূৱা ১০ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ওলিয়াব ৷ আনুষ্ঠানিকভাৱে শোভাযাত্ৰাৰ উদ্বোধন কৰিব বিজনী সমষ্ঠীৰ বিধায়ক শ্ৰী যুত কমলসিং নাৰ্জাৰীয়ে ।
উক্ত শোভাযাত্ৰাত বিভিন্ন সাংস্কৃতিক দল,আই নাম দল, ভক্ত প্ৰাণ ৰাইজৰ উপৰিও চহৰখনৰ বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহন কৰিব ৷ ইয়াৰ পিছতে ৰাজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিব মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা মাননীয় শ্ৰী যুত ঋষিকেশ গোস্বামীয়ে । উক্ত পূজা আৰু মেলা উপলক্ষে আয়োজিত সভাত বিশিষ্ট অতিথি হিছাপে অসম পৰ্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, খাদ্য আৰু অসামৰিক যোগান বিভাগ ৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ,বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী , প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস ,বিটিচিৰ মুখ্য সচিব বীৰেণ ফুকন , অ. এছ .ডি মুখ্য মন্ত্ৰী সচিপ বালয় ৰণজিৎ ধিং মজুমদাৰ লহতে থাকিব চিৰাং উপায়ুক্ত ৰাতুল বৰুৱা ,বিজনী মহকুমাধিপতি গোকূল চন্দ্ৰ ব্ৰক্ষ্ম ,বিজনী মহকুমা আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথ, বিজনী নগৰ সমিতি ৰ সভাপতি ৰমাকান্ত বসুমতাৰী । লগতে থাকিব জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠন আছু , আবছু, আক্ৰাছু , বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতৃত্ববৰ্গ ৷