Begin typing your search above and press return to search.
বিজেপিত যোগদান গৌতম ৰয়ৰ সতীৰ্থৰ

বিজেপিত (BJP) যোগদান কৰিলে তুতু চৰকাৰে ৷ তুতু চৰকাৰ হৈছে বৰাক সম্ৰাট তথা কংগ্ৰেছ নেতা গৌতম ৰয়ৰ সতীৰ্থ ৷ তুতু চৰকাৰৰ লগত শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷ইয়াৰ ভিতৰত তুম্পা দে, পুলক দাস, পংকজ চৌধুৰী, অমিতাভ দেৱ চৌধুৰী, নিপন চৰকাৰ, মুন্না বিশ্বাসে বিজেপিত যোগদান কৰে ৷
ইফালে,জালুকবাৰীৰ প্ৰণৱ কুমাৰ বৰুৱা আৰু যোৰহাটৰ আদিত্য প্ৰকাশ শৰ্মাই বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যোগদান কৰে ৷অন্যহাতে, বিজেপিত যোগদান কৰা তুতু চৰকাৰ আছিল প্ৰাক্তন ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৷উল্লেখযোগ্য যে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে বিজেপিত যোগদান কৰা সকলো নেতা কৰ্মীকে আদৰণি জনায় ৷
অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি
Next Story