Begin typing your search above and press return to search.

বিজেপিয়ে ঘোষণা কৰিলে ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা

বিজেপিয়ে ঘোষণা কৰিলে ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 March 2019 6:22 AM GMT

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ লগে লগে ৰাজ্যত ৰাজনৈতিক দল সমুহ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে । বিজেপিয়ে ৩ জন সাংসদক প্ৰাৰ্থীৰ তালিকাৰ পৰা বঞ্চিত কৰি, ৯ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। নগাঁওত প্ৰাৰ্থীৰ নাম বৰ্তমানেও চুড়ান্ত কৰা নাই বিজেপিয়ে ।

কংগ্ৰেছে ইতিমধ্যে ১০ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । অগপয়ে কলিয়াবৰ সমষ্টিৰ বাবে মনি মাধৱ মহন্ত নাম প্ৰকাশ কৰিছে । তেজপুৰত বিজেপি পল্লব লোচন দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । আনহাতে এ আই উই ডি এফে বৰ্তমানলৈকে এটা সমষ্টিৰ পৰাও প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা নাই । আঞ্চলিক দল অগপয়ে ৩ টা সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়াব । বৰপেটা, ধুবুৰী আৰু কলিয়াবৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব । আনহাতে মিত্ৰ দল বিপিএফে এটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব । কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মক ইতিমধ্যে প্ৰক্ষেপ কৰিছে ।

বৰ্তমান সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৩ জন সাংসদে আগন্তুক লোকসভা নিৰ্বাচনৰ পৰা বঞ্চিত হল । সাংসদ ৰমেন ডেকা, বিজয়া চক্ৰবৰ্ত্তী আৰু কামাখ্যা প্ৰসাদ তাছা এইবাৰ লোকসভা নিৰ্বাচনৰ পৰা বঞ্চিত হল । ঘোষণা কৰা ৮ টা সমষ্টিৰ প্ৰাৰ্থী সমুহ হৈছে ডিব্ৰুগড়ৰ পৰা সাংসদ ৰামেশ্বৰ তেলী, যোৰহাটৰ পৰা শক্তি মন্ত্ৰী তপন গগৈ, লক্ষিমপুৰৰ পৰা সাংসদ প্ৰদান বৰুৱা, গুৱাহাটীৰ পৰা কুইন ওজা, মংগলদৈৰ পৰা দিলিপ শইকীয়া,স্বায়ত্ত শাসিত পৰিষদ ডিফুৰ পৰা হৰেন সিংবে, শিলচৰৰ পৰা ৰাজদীপ ৰয় আৰু কৰিমগঞ্জৰ পৰা কৃপানাথ মাল্লাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । সাংসদ আৰ পি শৰ্মাই দল ত্যাগ কৰাৰ পিছত তেজপুৰৰ প্ৰাৰ্থীক লৈ নিশ্চিত নাছিল বিজেপি দল।শনিবাৰে তেজপুৰত বিজেপি পল্লব লোচন দাসক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে । আনহাতে সাংসদ ৰাজেন গোহাঁইয়ে নিৰ্বাচনত অবতীৰ্ণ হব নোৱাৰাৰ ফলতো নগাঁও প্ৰাৰ্থীক লৈ নিশ্চিত নহয় বিজেপি দল ।

তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লগা লোকসভা নিৰ্বাচনৰ ১১ এপ্ৰিলত ৫ টা সমষ্টিৰ ভোট গ্ৰহণ অনুষ্ঠিত হব । নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল সমুহ। কলিয়াবৰত অগপৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনি মাধৱ মহন্ত আৰু সাংসদ গৌৰব গগৈৰ মাজত প্ৰতিদন্দ্বিতা হব । লক্ষিমপুৰত কংগ্ৰেছ প্ৰাৰ্থী অনিল বৰগোহাঞিৰ বিপৰিতে বিজেপিৰ প্ৰদান বৰুৱাই প্ৰাৰ্থিত্ব প্ৰদান কৰিব । ডিব্ৰুগড়ত কংগ্ৰেছৰ পবন সিঙ ঘাটোৱাৰৰ বিপৰিতে বিজেপিৰ ৰামেশ্বৰ তেলীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব । তেজপুৰত এম জি ভি কে ভানুৰ বিপৰিতে বিজেপিয়ে পল্লব লোচন দাসক প্ৰতিদন্দ্বিতা আগবঢ়াব । নগাঁওত কংগ্ৰেছৰ হৈ প্ৰদ্যুত বৰদলৈয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব । শিলচৰত কংগ্ৰেছৰ সাংসদ এম পি সুস্মিতা দেৰ বিপৰিতে বিজেপিৰ ৰাজদীপ ৰয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব । কৰিমগঞ্জত বিজেপিৰ কৃপানাথ মাল্লাৰ বিপৰিতে কংগ্ৰেছৰ স্বাৰূপ দাসে নিৰ্বাচন খেলিব । আনহাতে মংগলদৈত কংগ্ৰেছৰ প্ৰাৰ্থী ভূবেনশ্বৰ কলিতাৰ বিপৰিতে বিজেপিৰ দিলিপ শইকীয়াই প্ৰতিদন্দ্বিতা আগবঢ়াব। তেজপুৰত বিজেপিৰ হৈ পল্লব লোচন দাসে প্ৰতিদন্দ্বিতা কৰিব|

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি