বিজেপিয়ে জনসাধাৰণৰ বিশ্বাসত আঘাত কৰিছে: প্ৰিয়ংকা গান্ধী

বিজেপিয়ে জনসাধাৰণৰ বিশ্বাসত আঘাত কৰিছে: প্ৰিয়ংকা গান্ধী
Published on

সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ পুব উত্তৰ প্ৰদেশ প্ৰভাৰী প্ৰিয়ংকা গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপি দলক সমালোচনা কৰে। বিজেপিক ক্ষমতালৈ অনা জনসাধাৰণৰ বিশ্বাসত বিজেপিয়ে আঘাত কৰিছে বুলি প্ৰকাশ কৰে প্ৰিয়ংকা গান্ধীয়ে ।

লগতে তেওঁ কয় ৫ বছৰৰ পূৰ্বে সংখ্যা গৰিষ্ঠতা লাভ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিছিল । সেই সময়ত দেশবাসীয়ে বিজেপিক বিস্বাস কৰি ভোট দি ক্ষমতালৈ আনিছিল । কিন্তু ক্ষমতালৈ আহাৰ পাছতে বিজেপি জনসাধাৰণক বিশ্বাসঘাতকতা কৰে বুলি প্ৰকাশ কৰে।

প্ৰিয়ংকা গান্ধীয়ে কয় যে খেতিয়ক সকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকৰ আয় দুগুণ বৃদ্ধি কৰিব আৰু দেশত নব প্ৰজন্মৰ কাৰনে ২ কোটি চাকৰি মুকলি কৰিব ।কিন্তু ক্ষমতালৈ অহাৰ পাছত প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰল । প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপি চৰকাৰে ।লগতে প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিয়ে ক্ষমতা নিজৰ বাবে বুলি বিস্বাস কৰিছে , জনসাধাৰণৰ বাবে নহয় ।

কেৰেলাৰ ৱায়ানাড় লোকসভা সমষ্টিৰ বাবে ৰাহুল গান্ধীৰ হৈ প্ৰিয়ংকা গান্ধীয়ে আজি নিৰ্বাচনী প্ৰচাৰ চলাই ।লগতে কয় কংগ্ৰেছৰ অধ্যক্ষয়ে অন্তৰত গনতান্ত্ৰীক ভাবধাৰ, ভাষা আৰু সংস্কৃতি প্ৰকাশ কৰাৰ স্বাধীনতাত বিস্বাস কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com