"বিজেপি দলে পঞ্চায়ত নিৰ্বাচনত হেলিকপ্তাৰ উৰুৱাই, ৰাজনৈতিক বাহুবল দেখুৱাই বহুল প্ৰচাৰৰ আয়োজন কৰিছিল যদিও বিজেপি দল চৰকাৰত থকা স্বত্বেও কংগ্ৰেছ দলে আশানুৰূপ ফল লাভ কৰিছে।"হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া হিচাপে কংগ্ৰেছ দলে অনুষ্ঠিত কৰা সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মুকুল শৰ্মাই এই মন্তব্য আগবঢ়াই।বিৰোধী দলত থকা স্বত্তেও অসমৰ জনসাধাৰণে যেনেদৰে কংগ্ৰেছ দলক পুনৰবাৰ আকোৱালি লৈ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় স্থানত ৰখাৰ বাবেঅসমৰ ৰাইজক ধন্যবাদ জনাই প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।
"বিজেপিৰ জয়লাভৰ পিছতো কংগ্ৰেছৰ উত্থান মন কৰিবলগীয়া লগতে কংগ্ৰেছৰ বিজয়ৰ গতি ৰোধ কৰিব নোৱাৰিলে বিজেপিয়ে" দিশপুৰ যাৰ পঞ্চায়ত তাৰ শ্লোগানক আওকাণ কৰি অসমৰ ৰাইজৰ আকুণ্ঠ মৰমক প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সন্মান জনাই যাব বুলি উল্লেখ কৰে শৰ্মাই।
প্ৰশাসনকো গেৰুৱা কৰিছিল বিজেপিয়ে বুলি অভিযোগ শৰ্মাৰ। ততস্বত্বেও সকলো অপচেষ্টা আওকাণ কৰি কংগ্ৰেছ দলে বিজেপিক প্ৰত্যাহ্বান জনাইছে বুলিও উল্লেখ কলে।
প্ৰচাৰ মাধ্যমক ধন্যবাদ জনাই কংগ্ৰেছ দলৰ মূখপাত্ৰ দূৰ্গাদাস বড়োই পঞ্চায়ত পাতিব ইচ্ছা নকৰা বিজেপি দলৰপঞ্চায়ত খেলাৰ নৈতিকতা নাই বুলি মন্তব্য কৰে।হিমন্ত বিশ্ব শৰ্মাই ৰামধেনু সদৃশ জোটবন্ধন গঢ়াৰ কথা কৈছিল যদিও এতিয়া কেৱল গেৰুৱা কৰিবলৈহে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ কৰে।এ ইউ আই ডি এফ ক সম্পূৰ্ণ প্ৰত্যাখ্যান ৰাইজৰ বুলি মন্তব্য আগবঢ়াই বড়োই।সংবাদমেলত জেষ্ঠ কংগ্ৰেছী নেতা ভূমিধৰ বৰ্মণে পঞ্চায়ত নিৰ্বাচনতখেলি মেলি হৈছে বুলি অভিযোগ কৰে।
অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি