Begin typing your search above and press return to search.

বিজেপিয়ে সদায় সমস্যা সমাধানৰ ৰাজনীতি কৰে: জয়ন্ত মল্ল বৰুৱা

বিজেপিয়ে সদায় সমস্যা সমাধানৰ ৰাজনীতি কৰে: জয়ন্ত মল্ল বৰুৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2019 1:03 PM GMT

"বিজেপিয়ে দেশৰ মূল সমস্য সমূহ সমাধানৰ ৰাজনীতিক বিশ্বাস কৰে"। অসম আৰু অসমীয়াৰ সৰ্বাঙ্গীণ উন্নতি আৰু সুৰক্ষাৰ স্বাৰ্থত বিজেপি দলে নিৰন্তৰ কাম কৰি আহিছে। জাতিৰ সংকটৰ কথা কৈ সমস্যা সমাধানৰ পথ নিবিছাৰি অলাগতীয়াল কথা বিজেপিয়ে কৈ নাথাকে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰখনে অসম চুক্তিৰ ৬ নং দফা কাৰ্য্যকৰীকৰণ কৰি অসমীয়া জনসাধাৰণৰ সাংবিধানিক, প্ৰাশাসনিক, ৰাজনৈতিক আৰু ভাষিক সুৰক্ষা প্ৰদান কৰাৰ বাবে দৃঢ় প্ৰতিজ্ঞ। এই কথা প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই।

শনিবাৰে গুৱাহাটীত থকা ৰাজ্যিক বিজেপিৰ কাৰ্য্যলয়ত সংবাদমেল সম্বোধন কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে অসম আৰু অসমীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰাৰ বাবে এখন উচ্চস্তৰীয় সমিতি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে কয় যে সীমান্ত সম্পুৰ্ণ ছীল কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ খনে বাংলাদেশৰ সৈতে ভূমি চুক্তি সম্পন্ন কৰিছিল।

আকৌ বিদেশী নাগৰিকক চিনাক্তকৰণ কৰি অসমীয়া জাতিটোক সুৰক্ষা প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ বাবে চৰকাৰে সম্পুৰ্ণ সহযোগিতা কৰিছে বুলিও বৰুৱাই সংবাদমেলত উল্লেখ কৰে। জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত বিজেপিৰ কাৰ্য্যপদ্ধতি সম্পৰ্কে কবলৈ গৈ কয় যে বিজেপিয়ে সদায় সমস্যা সমাধানৰ ৰাজনীতি কৰে, একাংশ দল, সংগঠনে আন্দোলনৰ স্বাৰ্থত সমস্যা সমূহ জীয়াই ৰখাৰ বাবে চেষ্টা কৰি আহিছে বুলিও মুখপাত্ৰ গৰাকীয়ে কয়। অসম চুক্তি ৰূপায়ণৰ কাৰণে বৰ্তমানৰ চৰকাৰ খনৰ সদিচ্ছা সদায় আছে বুলি সংবাদ মেলত জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰি কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে বিগত ৩৪ বছৰত ১৭ বাৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।ইয়াৰ ভিতৰত অটল বিহাৰী বাজপেয়ীৰ প্ৰধান মন্ত্ৰী হৈ থকা ছয় বছৰীয়া কাৰ্য্যকালত ৯ বাৰ আৰু বাকী ২৮ বছৰত ৮ বাৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। মনমোহন সিঙৰ দহ বছৰীয়া কাৰ্য্যকালত ৬ বাৰ, গুজৰাজৰ কাৰ্য্যকালত এবাৰ আৰু ভিপি সিঙৰ কাৰ্য্যকালত এবাৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু সেই বৈঠকৰ পৰা কোনোধৰণৰ সমাধানৰ সূত্ৰ পোৱা নগ'ল কিন্তু বৰ্তমানৰ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসম চুক্তি সমুৰ্ণ ৰূপে কাৰ্য্যকৰীকৰণ কৰা হব বুলি আমি সকলোৱে আশাবাদী বুলি জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে। বিগত সপ্তাহত অসমৰ সামাজিক জীৱনৰ বাবে গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আগন্তুক সময়ত এই সিদ্ধান্তবোৰে অসমৰ প্ৰেক্ষাপটত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষ্যণীয় হব।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

Next Story
চাকৰি